যুৱপ্ৰজন্মৰ হাৰ্থ থ্ৰ’ববাথৰুমত পৰি মুৰত আঘাতপ্ৰাপ্ত হৈ আজি স্বাস্থ্য বেয়া হৈ পৰাত লগে লগে ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিটালত ভৰ্তি কৰে।

Todaytak :- অসমৰ জনপ্ৰিয় তথা ভাৰতৰ গৌৰৱ যুৱপ্ৰজন্মৰ হাৰ্থ থ্ৰ’ব জুবিন গাৰ্গ হঠাৎ অসুস্থ হৈ পৰে যোৱা কালি বাথৰুমত পৰি পিচলি পৰি আঘাতপ্ৰাপ্ত হৈ ৫টা মুৰত চিলাই পৰে। শিল্পী জনে হঠাৎ আজি স্বাস্থ্য অসুস্থ হৈ পৰে আৰু দুৰ্বল হৈ পৰে লগে লগে তেওৰ লগত থকা সহযোগী সকলে ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিটালত ভৰ্তি কৰাই। জুবিন গাৰ্গ পত্নী সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে যোৱাকালি বাথৰুমত পৰি মুৰত আঘাত প্ৰাপ্ত হোৱাৰ বাবে আজি অসুস্থ হৈ পৰা নাই। আজি অসুস্থ হোৱাৰ কাৰণ বেলেগ। ৰাজ্যৰ তথা ভাৰতৰ অন্য অন্য ৰাজ্যৰ কণ্ঠশিল্পীগৰাকীৰ এনেদৰে অসুস্থ হৈ পৰাত অনুৰাগীসকলে মনত যেন গভীৰ উদ্বেগ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে বহু অনুৰাগীয়ে সামাজিক মাধ্যমত উপচাই পেলাইছে আশু আৰোগ্য কামনাৰে । সেইদিনা আছিল সোমবাৰ । জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে গৈছিল জোনাইলৈ । তাৰ পিছদিনা মংগলবাৰে কণ্ঠশিল্পীগৰাকী ৰাওনা হৈছিল ডিব্ৰুগড়লৈ।ডিব্ৰুগড়ৰ মনোহাৰী নামৰ এখন ৰিজৰ্টত আশ্ৰয় লৈছিল কণ্ঠশিল্পীগৰাকীয়ে । পিছে হঠাত বাথৰুমতে পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে হিয়াৰ আমঠু জুবিন গাৰ্গ । মূৰৰ পিছপিনে আঘাত পাই ৫ টাকৈ চিলাইয়ো পৰিছে কণ্ঠশিল্পীগৰাকীৰ মূৰত ।ইতিমধ্যে , সঞ্জীৱনী হাস্পতালত চিকিতসাধীন অৱস্থাত কণ্ঠশিল্পীগৰাকী ।

তদুপৰি , কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যক লৈ অনুৰাগীসকল উদ্ধিগ্ন হৈ পৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উদ্ধিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে তেওঁ কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ কয় যে , প্ৰয়োজন অনুসৰি কণ্ঠশিল্পীগৰাকীক উন্নত চিকিতসাৰ বাবে গুৱাহাটী অথবা বহিঃৰাজ্যলৈ লৈ যোৱাৰ বাবে ব্যৱস্থাৰ বাবে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।লগতে , জুবিন গাৰ্গৰ স্বাস্থ্য সমন্ধীয় সকলোখিনি চোৱাচিতাৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই যে জুবিন গাৰ্গক ডিব্ৰুগড়ৰ পৰা এয়াৰএম্বোলেচত গুৱাহাটীলৈ অনা হ’ব প্ৰায় ৩ৰ পৰা ৩.৩০ ভিতৰত গুৱাহাটী পাব। জুবিনৰ পৰিয়ালে গুৱাহাটীত চিকিৎসা কৰিলে কৰিব পাৰে নতুবা দিল্লীলৈ উন্নতমান চিকিৎসাৰ বাবেও নিব পাৰে। জুবিন গাৰ্গৰ পৰিয়ালৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব মুখ্যমন্ত্ৰী সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায়।