

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ বন্ধ হোৱাৰ নাম নোলোৱাতে অসমত ইউক্ৰেইন ৰাষ্ট্ৰপতিৰ নামেৰে নামকৰণ অসমৰ চাহ…

Todaytak: সমগ্ৰ দেশে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ জনতাৰ প্ৰতি দায়বদ্ধ দেখি সমগ্ৰ বিশ্বৰ জনতাৰ মুখত ইউক্ৰেইন ৰাষ্ট্ৰপতি জনৰ কথা শলাগ দিছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজতে অসমত এজন চাহ বাগিছাৰ সাধাৰণ লৰা এটাৰ পদক্ষেপ দেখি সকলো মানুহে যুৱক জনক অসমীয়া যুৱকৰ প্ৰশংসনীয় উপচি পেলাইছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীৰ বীৰত্ব আৰু সাহসৰ সন্মান জনাই মুকলি কৰে এটা নতুন চাহ ব্ৰেণ্ড। অসমৰ এটা ষ্টাৰ্টআপ সংস্থাই জেলেনস্কি নামৰ চাহ ব্ৰেণ্ডৰ সম্প্ৰতি মুকলি কৰিছে। এৰোমেটিক টিৰ সঞ্চালক ৰঞ্জিত বৰুৱাই জনোৱা অনুসৰি বুধবাৰে অসম চিটিচিৰ শক্তিশালী চাহ ‘জেলেনস্কি’ চাহ ব্ৰেণ্ডটো মুকলি কৰে। এই চাহ ব্ৰেণ্ডটো খোলাৰ মূল উদ্দেশ্য হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সাহসহৰ প্ৰতি শ্ৰদ্ধা কৰি সন্মান জনোৱা। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই কৰা আক্ৰমণত একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে ইউক্ৰেইনৰ চহৰ খন কিন্তু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি তথা ৰাষ্ট্ৰপতি পৰিয়াল সকলো একত্ৰিত হৈ জনতাৰ মাজত থিয় হৈ আছে নিজৰ প্ৰাণৰ ভয় নকৰি।
যুদ্ধত মৃত্যু হৈছে দেশৰ অসংখ্য সাধাৰণ নিৰীহ লোকৰ। দেশ এৰি পলায়ন কৰিছে বহু লোকে। একাংশই কিন্তু যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা পলাই যাবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱ নাকচ কৰিছিল। জেলেনস্কিয়ে কৈছে যে তেওঁক কাৰো আশ্ৰয় নালাগে, যদি পাৰে আমাক গোলা-বাৰুদেৰে সহায় কৰক। ভয়াবহ আক্ৰমণৰ পিছতো এইগৰাকী ৰাষ্ট্ৰপতিয়ে শত্ৰুৰ সৈতে যুঁজ দি আছে। জেলেনস্কিৰ এই চৰিত্ৰই সকলোৰে আগত বীৰত্বৰ প্ৰদৰ্শন কৰিছে। লগতে বৰুৱাই জনায় যে, “আমি তেওঁৰ সাহস আৰু বীৰত্বক সন্মান জনাবলৈ এই চাহৰ নাম জেলেনস্কিৰ নামেৰে নামাকৰণ কৰিছো বুলি সংবাদ মাধ্যম আৰু চচিয়েল মিডিয়াৰ জড়িয়তে জানিব পৰা গৈছে। লগতে চাহৰ নাম জেলেনস্কি ৰখাৰ বাবে যুৱক জন তথা স্থানীয় বাসিন্দা সকলে যুৱক জনে এনেকুৱা কাম কৰাৰ বাবে সমগ্ৰ অসমতে যুৱক জনৰ কথা প্ৰচাৰ হৈছে।