TODAYTAK.COM

Two women arrested in connection with child theft at GMCH Medical.

গুৱাহাটী মহানগৰীৰ GMCH মেডিকেলত শিশু চুৰি চক্ৰই লগত জড়িত থকা দুগৰাকীকৈ মহিলাক গ্ৰেপ্তাৰ।

Todaytak :- সমগ্ৰ ৰাজ্যজুৰি কপাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত (GMCH) শিশু চুৰি চক্ৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উদ্ভোদ কাণ্ড একাংশ মহিলাই শিশু চুৰি কাণ্ডত জড়িত হৈ পৰিছে। উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা দুগৰাকী মহিলাই গুৱাহাটী হস্পিটালতে বাহৰ পাতি আছিল। জানিব পৰা মতে দুগৰাকী মহিলাই তেজপুৰ চহৰৰ এগৰাকী গৰ্ভৱতী মহিলাৰ সৈতে এটি শিশু বিক্ৰীৰ চুক্তি কৰিছিল। কিন্তু শিশুটি চুৰ কৰিবলৈ চেষ্টা কৰোতেই জি এম চি এইছ ৰ নিৰাপত্তাৰক্ষীয়ে হাতে লুটে ধৰা পেলাই।
আৰক্ষী তৰফৰ গৰ্ভৱতী মহিলা গৰাকীৰ নাম মইনা বৰা আৰু আন দুগৰাকী মহিলাৰ নাম প্ৰমিলা ডেকা আৰু বিজিতা দাস বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত জি এম চি এইছ কৰ্তৃপক্ষই এজাহাৰ দাখিল কৰিছে। ইয়াৰ পূৰ্বেও জি এম ছি এইছ ৰ পৰা এটি কণমানি শিশু চুৰি কৰা হৈছিল।

Live assam cm Himanta Biswa sarma
Exit mobile version