ভাৰতৰ ক্ৰিকেটাৰ ইউছুফ পাঠান শুৱালকুছিলৈ পাট-মুগাৰ কাপোৰ চাবলৈ আহি অভিভূত হৈ পৰিল।

ভাৰতৰ তীব্ৰ বেগেৰে চিচৰা মাৰা ইউছুফ পাঠান অসমলৈ আহি শুৱালকুছি পাট-মুগাৰ বস্ত্ৰনগৰী
শনিবাৰে উপস্থিত হয় ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন তাৰকা খেলুৱৈ ইউছুফ পাঠান। অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশত ক্ৰিকেট একাডেমীৰ অতিথি হিচাপে উদ্বােধন কৰিবলৈ আহি হঠাৎ ক্রিকেটাৰজন শুৱালকুছিত পাট-মুগাৰ কাপোৰ চাবলৈ উপস্থিত হয়। শুৱালকুছিত উপস্থিত হৈ কিছু সময় কটাই উৎপাদিত কৰি থকা কৰ্মচাৰী সকলৰ পৰা মুগা-পাট বস্ত্ৰশিল্পৰ বুজ লোৱাৰ লগতে শিল্পটোৰ লগত জড়িত শিপিনীসকলৰ লগত ধেমালি কৰা দেখা যায়। তাৰাকা প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানে পাট-মুগাৰ বিভিন্ন কাপোৰ প্ৰত্যক্ষ কৰাৰ লগতে মুগাৰ টাই, মুগাৰে উৎপাদিত টুপী, বেল্ট আৰু এৰী কাপোৰ ক্ৰয় কৰে শুৱালকুছিৰ পৰা। ক্রিকেটাৰগৰাকীক ওচৰতে পাই শিপিনীসকলে উৎফুল্লিত হোৱা দেখা যায়। কিন্তু ইউছুফ পাঠানে অতি গোপনে শুৱালকুছিত উপস্থিত হোৱা বাবে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা আতৰি থাকে। ক্ৰিকেটাৰ জনে অসমৰ বিভিন্ন ঠাইত ফুৰিব বুলি জানিব পৰা গৈছে।