-1.9 C
Munich
Sunday, November 27, 2022

গুৱাহাটী পৌৰসভা নিৰ্বাচনত কিয় ব্যস্ত হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰুৱালে।

Must read

।।গুৱাহাটী পৌৰসভাত দিল্লীৰ মুখ্যমন্ত্ৰীৰ নাম কিয় ব্যাপকভাবে চৰ্চাত।।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰুৱালৰ নেতৃত্বত “আম আদমি” গুৱাহাটী পৌৰ সভা নিৰ্বাচনৰ খেলিব গুৱাহাটীবাসীৰ বাবে ১১টা গেৰান্টী কাৰ্ড প্ৰতিশ্ৰুতি দিলে।

সাধাৰণভাৱে থাকি ভাল পোৱা মুখ্যমন্ত্ৰী কেজৰুৱাল।
কেজৰুৱালে অসমবাসীক দিলে বিহুৰ শুভেচ্ছা।

Todaytak:- চৰকাৰী চাকৰি পদত্যাগ কৰি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে আন্না হাজাৰ লগত প্ৰতিবাদ আৰু অনশনত বহে পিছত দিল্লীত নতুন কৰি “আম আদমি” নামাৰে ৰাজনৈতিক দল স্থাপন কৰি দিল্লীত পুৰণি দল ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ দলক ধুলিসাৎ কৰি কেজৰুৱালৰ নেতৃত্বত “আম আদমি”য়ে চৰকাৰ গঠন কৰে। কেজৰুৱালে দিল্লীত নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিল্লীবাসীক গেৰান্টী কাৰ্ডত প্ৰতিশ্ৰুতি দিছিল। চৰকাৰ গঠন হোৱাৰ পিছত গেৰান্টী দিয়া সকলো প্ৰতিশ্ৰুতি সমূহ এটা এটাকৈ পুৰণ কৰি “আম আদমি” দলে দিল্লীবাসীৰ হৃদয়ত স্থান পাবলৈ সক্ষম হয়। অতিকৈ ভাল কথা এই যে ভাৰতৰ সমগ্ৰ ৰাজ্যতে “আম আদমি” চৰকাৰৰ উন্নয়নৰ কথা শলাগ ল’বলৈ বাধ্য হৈছিল। দ্বিতীয়বাৰ বিধানসভা নিৰ্বাচনৰ সময়ত কেজৰুৱালে দিল্লীবাসীৰ ওচৰত নিৰ্বাচনী প্ৰচাৰ কৰা দেখা পাইছিলো এই বুলি যোৱা পাচ বছৰত দিল্লী ৰাইজৰ বাবে যদি “আম আদমি”য়ে কাম কৰিছো তেনেহলে ঝাড়ুত ফোট দি আম আদমি চৰকাৰৰ গঠন কৰিবলৈ সুবিধা প্ৰদান কৰিব। আৰু যদি যোৱা পাচ বছৰ দিল্লীবাসীৰ বাবে “আম আদমি” চৰকাৰে কাম কৰা নাই আমাৰ দলক ফোট নিদিব। নিৰ্বাচনৰ ফলাফল ঘোষণা দিনা দিল্লী বাসীয়ে কেজৰুৱালৰ নেতৃত্বত আম আদমি পাৰ্টিক পুনৰ বাৰ চৰকাৰ গঠন কৰিবলৈ সুবিধা প্ৰদান কৰে। কেজৰুৱালৰ দিনত স্কুল-কলেজ, হস্পিতাল, লাইনৰ বিল ফ্ৰি, মেডিকেলত চিকিৎসা বিনামূলীয়া, ৰাস্তা-ঘাট, দিল্লীৰ মহিলাৰ বাবে গাড়ীৰ ভাড়া ফ্ৰি, চি চি টিভি ৰাস্তাই ৰাস্তাই, বিনামূলীয়াকৈ ২৪ ঘন্টা পানী ফ্ৰি দিল্লীবাসীৰ বাবে যিধৰণে কেজৰুৱালে উন্নয়নৰ কাম কৰিছে ভাৰতৰ কোনো ৰাজ্যতে কোনো চৰকাৰে ৰাইজৰ উন্নয়নৰ কাম কৰা নাই। পাঞ্জাৱত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত “আম” আদমি কেজৰুৱালৰ নেতৃত্বত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই সমগ্ৰ পাঞ্জাৱবাসীয়ে দিল্লীৰ উন্নয়ন দেখি সকলো ৰাজনৈতিক দলক উফৰাই “আম আদমি” পাৰ্টিক চৰকাৰ গঠন কৰিবলৈ ভোট প্ৰদান কৰে। পাঞ্জাৱত চৰকাৰ গঠন কৰিবলৈ প্ৰায় ১/২ মাহ মান হল পাঞ্জাৱত “আম আদমি”গেৰান্টি কাৰ্ডত দিয়া সকলো প্ৰতিশ্ৰুতিবোৰ পুৰণ কৰিবলৈ পাঞ্জাৱ চৰকাৰে হাতে-কামে লগা পৰিলক্ষিত হৈছে। বৰ্তমান গুৱাহাটী পৌৰসভা নিৰ্বাচন আহি আছে সকলো দলে পৌৰসভা নিৰ্বাচনী প্ৰচাৰ কৰি থকাৰ সময়ত গুৱাহাটীবাসী ৰাইজৰ ওচৰত কেজৰুৱালৰ নেতৃত্বাধীন “আম আদমি” দলে ১১ টা গেৰান্টী কাৰ্ড লৈ গুৱাহাটী বাসীৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই থকা দেখা যায়। গুৱাহাটীবাসীয়ে দিল্লীৰ মুখ্যমন্ত্ৰীৰ অধীনৰ দলক আঁকোৱালি লয় নে নলয় কিছু দিনৰ পিছত স্পষ্ট হ’ব। কেজৰুৱালে অসমত ১১ টা গেৰান্টি কাৰ্ড দিয়ে। পৌৰসভা নিৰ্বাচনত জয়ী হব পাৰিলে তলত দিয়া প্ৰতিশ্ৰুতি সমূহ গুৱাহাটীবাসীক প্ৰদান কৰিব বুলি গেৰান্টি কাৰ্ডত লিখি ৰাইজৰ মাজত বিলাই দিয়ে।
১) বিশুদ্ধ খোৱা পানী যোগান ধৰা হ’ব।✅
২) ৱাৰ্ড সমূহ‌ পৰিষ্কাৰ কৰি ৰখা হ’ব।✅
৩) প্ৰতি মাহত নলা-নৰ্দমা পৰিষ্কাৰ কৰা হ’ব।✅
৪) প্ৰতিটো গলি তথা উপপথত ষ্ট্ৰীটলাইট আৰু CCTV কেমেৰাৰ ব্যৱস্থা কৰা হ’ব।✅
৫) কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰা হ’ব।✅
৬) প্ৰতিটো ৱাৰ্ডত চুবুৰী ক্লিনিক (Mohalla Clinic)ৰ ব্যৱস্থা কৰা হ’ব।✅
৭) ৱাৰ্ড সমূহত থকা জৰাজীৰ্ণ বিদ্যালয় সমূহ ঠিক কৰা হ’ব।✅
৮) ঘৰতে থাকি ট্ৰেড্‌ লাইচেন্স লাভ কৰা আৰু কৰ পৰিশোধৰ ব্যৱস্থা কৰা হ’ব।✅
৯) পৰিকল্পিত পাৰ্কিংৰ ব্যৱস্থা কৰি যানজঁটৰ সমস্যা দূৰ কৰা হ’ব।✅
১০) প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে গছ-গছনিৰ সংখ্যা বৃদ্ধি কৰা হ’ব।✅
১১) পৌৰ নিগমৰ খালি হৈ থকা পদত তৎকালীন নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব।✅
কেজৰুৱালৰ নেতৃত্বত “গুৱাহাটী পৌৰ নিগম” গঠনৰ বাবে আম আদমি পাৰ্টী ৰ প্ৰতিজন প্ৰাৰ্থীক “ঝাড়ু”ৰ চিহ্নত ভোট দি জয়যুক্ত কৰক। অসম‌ত এইবাৰ কেজৰুৱালৰ নেতৃত্বত ‘আম আদমি” পাৰ্টিক সুযোগ দিবলৈ দিল্লীৰ মুখ্যমন্ত্ৰী আহ্বান কৰিছে লগতে বিহুৰ শুভেচ্ছা দিছে।

দিল্লী আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰী

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article