14.3 C
Munich
Wednesday, August 10, 2022

অনুৰাগী সকলে জুবিন গাৰ্গক আজাৰা বিহু মঞ্চত কি কৰিলে। দৰ্শক হতভম্ব।

Must read

বিহুত শিপানি সকলে হাতেৰে নিৰ্মাণ কৰা পাট মুগাৰ ককাল ভাঙি বিহু নাচিলে কিমান যে সুন্দৰ লাগে প্ৰকাশ কৰিব নোৱাৰী।
জুবিন আজাৰা মঞ্চত হাজাৰ হাজাৰ অনুৰাগীক সুৰত মুগ্ধ কৰি পেলালে।

কভিডৰ কাৰণে দুবছৰৰ অন্তত আজাৰা ৰঙালী বিহুৰ মঞ্চত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। অনুৰাগীৰ ভিৰে প্ৰশাক্ষন চিন্তাত।

“অতিকৈ চেনেহৰ মুগাৰে মহুৰা,
তাতোকৈ চেনেহৰ মাকো
তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি,
নাপাতি কেনেকৈ থাকো।
আকাশত ঢালে নতুনৰ বৰষুণ
ঢোল বাই নাচে দুৰন্ত তৰুণ
এই বহাগ জ্বলন্ত অৰুণ
এই বহাগ দুৰন্ত তৰুণ।
“এইখনি গাঁও বুকুৰ আপোন
ইয়াতে দেখোঁ নতুন সপোন
কোনে জুমি চাই জুৰিত দাপোন
ফুলৰ পাতৰ সাজোন কাচোন
এই গাঁও আপোন আপোন
এই গাঁও নিচেই আপোন”

ব’হাগ মাহত বিহু নাচনিৰ প্ৰান্তে প্ৰান্তে দেখা যায় অসমৰ খাজ পোচাকেৰে।

Todaytak news:- ব’হাগ বিহু শব্দটোৰ মাজত অসমবাসীৰ কি কি স্মৃতি সোমাই আছে সেইয়া প্ৰকাশ কৰিব শব্দ নাই। ব’হাগৰ মাহত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে শদিয়াৰ পৰা ধুবুৰীলৈ সমগ্ৰ অসমবাসীক ককাল ভাঙি নাচিবলৈ বাধ্য কৰে নিজৰ কন্ঠৰে জিপাল কৰি পেলাই নিশাটো। জুবিন শব্দটো বুলি ক’লে অসমবাসীক বুজাই দিব নালাগে সৰু-ডাঙৰ, ডেকা-গাভৰুলৈ, আতা-আইতাৰ পৰা সকলোৰে মুখে মুখে জুবিন সৃষ্টি কৰা গান। জুবিনৰ গানে কন্ঠৰে যাদুৰে সকলোকে মুগ্ধ কৰি পেলাই। যোৱাকালি নিশা আজাৰাত ব’হাগ বিহুৰ জুবিনৰ সাংস্কৃতিক সন্ধিয়া আছিল। প্ৰায় ২ বছৰ আজাৰা বাসীয়ে জুবিনৰ কাৰ্যসূচী চাবলৈ পোৱা নাছিল কোভিডৰ বাবে। যোৱাকালি জুবিনৰ গান শুনিবলৈ হাজাৰ হাজাৰ লোক ওলাই আহিল। জুবিনক এইবাৰ ওচৰৰ পৰা চুই চাবলৈ কিমান মে হেঁপাহ সেই কবলৈ ভাষা নাই। যোৱাকালি জুবিনে আজাৰা মঞ্চত নিজে সৃষ্টি কৰা জনপ্ৰিয় গানেৰে আজাৰ দৰ্শকক নিজৰ সুৰেৰে বলিয়ান কৰি থকাৰ সময়ত দেখা গ’ল বহু ল’ৰা ছোৱালী বহু অনুৰাগী জুবিনক এইবাৰ চুই চাবলৈ কিমান যে হেপাহ। তিনি দশক ধৰি শিল্পী জুবিন গাৰ্গে যিধৰণে অসমবাসীৰ ৰাইজৰ হৃদয়ত সোমাই আছে। কোনো শিল্পী তেনেকুৱা স্থান পাবলৈ সক্ষম হোৱা নাই।

জুবিন গাৰ্গৰ কন্ঠত বলিয়ান হ’ল আজাৰা ৰাইজ জুবিনৰ সুৰৰ যাদুত মতলিয়ান হৈ অনুৰাগী জুবিনৰ ভৰিত ধৰি সেৱা কৰিলে।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article