26.6 C
Munich
Thursday, August 11, 2022

যোৱাকালি ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলত ৪ খন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টি দখল কৰিবলৈ সক্ষম হৈছে।

Must read

গুৱাহাটী:- যোৱাকালি ভাৰতৰ ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে ব্যাপকভাবে উৎফুল্লিত কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকতা তথা নেতা সকলক কাৰণ ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলত চাৰি খন আসনত বিজেপি দলে জয়ী হৈছে। কেন্দ্ৰীয়ত দখল কৰিবলৈ উত্তৰ-পূবৰ নিৰ্বাচনৰ ফলাফলে ব্যাপক প্ৰভাৱ পেলাই। উত্তৰপূৱত ভাৰতীয় জনতা পাৰ্টী সকলো দলক ধূলিসাৎ কৰি পুনৰ বাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। যোগী আদিত্য নাথৰ নেতৃত্বত অখিলেশৰ মুখ্যমন্ত্ৰী চকীত বহা সপোন চুৰ্ণ বিচুৰ্ণ কৰি দিলে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৫ ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনাৰ শেষত ৪ খন ৰাজ্যৰ বিজেপিৰ জয়যাত্ৰাৰ বাবে জনসাধাৰণক ধন্যবাদ জনাইছে। ভাৰতৰ ৰাজধানী দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, এয়া উদযাপনৰ সময়। এইয়া উৎসৱৰ দিন। এই উৎসৱ ভাৰতৰ গণতন্ত্ৰৰ বাবে। এই নিৰ্বাচনত অংশগ্ৰহণ কৰা সকলো ভোটাৰক মই অভিনন্দন জনাইছো। মই ভোটাৰসকলক তেওঁলোকৰ সিদ্ধান্তৰ বাবে ধন্যবাদ জনাইছো। বিশেষকৈ আমাৰ মহিলা আৰু যুৱসকলে বিজেপিক সমৰ্থন কৰাটো যথেষ্ট সন্তুষ্টিৰ বিষয়। প্ৰথমবাৰৰ বাবে ভোটদানত বৃহৎ পৰিমাণে অংশগ্ৰহণ কৰি বিজেপিৰ জয় নিশ্চিত কৰিছে৷
লগতে তেওঁ কয়, নিৰ্বাচনৰ সময়ত বিজেপি কৰ্মীসকলে আমাক প্ৰতিশ্ৰুতি দিছিল যে এইবাৰ ১০ মাৰ্চৰ পৰা হোলী আৰম্ভ হ’ব আৰু কৰ্মীসকলে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছে। মই সেই শ্ৰমিকসকলক কৰ্মকৰ্তাক প্ৰশংসা কৰিম যিসকলে দিন-ৰাতি একাকাৰ কৰি এই নিৰ্বাচনত কঠোৰ পৰিশ্ৰম কৰিছিল আৰু জনসাধাৰণৰ বিশ্বাস জিকিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও তেওঁ দলৰ সভাপতি জে পি নড্ডাকো অভিনন্দন জনাইছে। তেওঁ কয়, দলৰ কৰ্মীসকলৰ অক্লান্ত পৰিশ্ৰমে আজি এন ডি এৰ বাবে বিজয়ৰ ৰথ সাজু কৰিছে। এই নিৰ্বাচনসমূহে আগন্তুক ২০২৪ চনৰ ফলাফল নিৰ্ধাৰণ প্ৰভাৱ পেলাইছে বুলি মন্তব্য কৰে। এইফালে পাঞ্জাৱত প্ৰথম বাৰ নিৰ্বাচন খেলি চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা কেজৰুৱাল বাহিনী আম আদমি পাৰ্টি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। কেজৰুৱালে পাঞ্জাৱৰ জনতাক যোৱা নিশা কয় যে দিল্লীত যিধৰণে শিক্ষা মেডিকেল নাৰীৰ বাবে গাড়ী ভাৰা পানী বিনামূলীয়া চিকিৎসা বিনামূলীয়া কৰা পাঞ্জাৱতো দিল্লী মডেল হিচাপে যিধৰণে সমগ্ৰ বিশ্বতে চৰ্চা থিক একেদৰে পাঞ্জাৱতো তেনেকৈ কাম কৰি যাম।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article