24.4 C
Munich
Thursday, August 11, 2022

বানপানীৰ সময়ত হিমন্ত বিশ্ব শৰ্মা কত সন্ধানহীন হৈ আছে। বিধায়ক অখিল গগৈৰ প্ৰশ্ন

Must read

গুৱাহাটীবাসী বানপানীৰ সন্মুখীন হ’ব লগা হোৱা মুল কাৰণ হিমন্ত বিশ্ব শৰ্মা বিধায়ক অখিল গগৈৰ মন্তব্য

Todaytak :- শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্ধান লাগে! অখিল গগৈ কয় যে বানপানীৰ সময়ত হিমন্ত বিশ্ব শৰ্মা ক’ত পলালে? মহানগৰবাসী আজি বান পানীত ককবকাই আছে কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী সন্ধান হীন হৈ আছে বুলি মন্তব্য কৰে অখিল গগৈ। আজি বানপানীত সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী ইমুৰৰ পৰা সিমূৰলৈ ৰাস্তা-ঘাট তথা ঘৰৰ ভিতৰত পানীৰে আৱৰি ধৰিছে সমগ্ৰ মহানগৰবাসীক আজিৰ এই পৰিস্থিতিত সন্মুখীন হোৱাৰ মূল জগৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকী যোৱাকালি আৰু আজি গুৱাহাটীৰ বিভিন্ন প্ৰান্তে প্ৰান্তে পৰিদৰ্শন কৰে বিধায়ক অখিল গগৈসহ ৰাইজৰ দলৰ প্ৰতিনিধি দল এটাই। অখিল গগৈ অঞ্চল সমূহ পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে, বিধায়ক জনে কয়- ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী উন্নয়নৰ দায়িত্বত থকাৰ সময়তে গুৱাহাটী বৰবাদ কৰিলে বৰ্তমান ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দায়িত্ব থকা হিমন্ত বিশ্ব শৰ্মাই। শিক্ষা মন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী হিচাপেও ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীবাসী বানত থকা সমস্যাটোৰ মুল জগৰীয়া হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈ কয় বান পানীত সাধাৰণ জনতাই ককবকাই থকাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক’ত পলাল? এৰ’প্লেনৰ লগত চেল্ফি উঠা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে পৃথিৱীত আন কোনো নাই। আজিৰ মুখ্যমন্ত্ৰী এসময়ত হেনো ছুপাৰ মন্ত্ৰী আছিল। অথচ গুৱাহাটী বচাব নোৱাৰিলে। শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকী সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীক এই ধৰণে সমালোচনা কৰে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article