পেট্ৰলৰ মুল্যক লৈ বাবা ৰামদেৱক প্ৰশ্ন সাংবাদিকৰ সাংবাদিকৰ প্ৰশ্নত বাবা ৰামদেৱ খংত লাল কাল কিয়


সাংবাদিকৰ প্ৰশ্নত বাবা ৰাম দেৱৰ বিষম খং বাবা ৰামদেৱৰ সাংবাদিকৰ ওপৰত খং উঠাৰ ৰহস্য কি ভাৰতবৰ্ষত যেতিয়া কংগ্ৰেছ চৰকাৰৰ শাসনাধীন আছিল পেট্ৰল মুল্য ৬০ টকালৈ বৃদ্ধি হোৱাৰ লগে লগে বাবা ৰামদেৱে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল। কংগ্ৰেছ চৰকাৰে ৰাইজৰ চিন্তা নকৰে বাবে পেট্ৰলৰ মুল্য ৬০ টকা কৰা বুলি প্ৰতিবাদ কৰিছিল। আজি ভাৰতবৰ্ষত পেট্ৰলৰ মুল্য ১০০ টকা লিটাৰ হোৱাৰ বাবে সাংবাদিকে বাবা ৰাম দেৱক সুধিছিল ১০০ টকা পেট্ৰল মুল্য হল আপুনি কি প্ৰতিক্ৰিয়া দিব? তাতে বাবা ৰামদেৱ খংতে ফিৰিঙতি হৈ গ’ল। কংগ্ৰেছ চৰকাৰৰ দিনত মূল্যবৃদ্ধিক লৈ ব্যাপকভাৱে সোচ্চাৰ হৈছিল যোগগুৰু বাবা ৰামদেৱ। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীৰ সমৰ্থনত এটা দূৰদৰ্শন সাক্ষাৎকাৰযোগে ৰামদেৱে কৈছিল যে, পেট্ৰ’লৰ ৫০ শতাংশ কৰ হ্ৰাস কৰি যদি এক শতাংশ কৰা হয়, তেন্তে পেট্ৰ’লৰ প্ৰকৃত মূল্য মাত্ৰ ৩৫ বা ৪০ টকা হ’ব। জনসাধাৰণক ৯০ টকীয়া পেট্ৰ’ল লাগিব নে ৩৫-৪০ টকীয়া পেট্ৰ’ল লাগিব বুলি প্ৰশ্ন কৰি বিজেপিৰ হৈ প্ৰচাৰ চলাইছিল ৰামদেৱে সমগ্ৰ ভাৰতবৰ্ষত। কিন্তু এতিয়া চেঞ্চুৰি হোৱাৰ পিছতো বাবা ৰামদেৱে নিমাত হৈ থকাৰ আঁৰত কি ৰহস্য সোমাই আছে ৰাইজে জানিবলৈ আৰু কোনো ধৰণৰ প্ৰয়োজন নাই। ভাইৰেল হোৱা এটা ভিডিঅ’ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জাঙুৰ খাই উঠা দেখিবলৈ পোৱা গৈছে বাব ৰামদেৱক। ৰামদেৱে কয়, ‘মই সেই মন্তব্য দিছিলো। কিবা কৰিব নেকি? এতিয়া মই একো নকওঁ। আপুনি যি কৰিব পাৰে কৰক। এনে প্ৰশ্ন নকৰিব। আপুনি ঠিকাদাৰ নেকি, যে আপুনি যি বিচাৰে তাৰ উত্তৰ দিব লাগিব?’ গণতন্ত্ৰ দেশত সাংবাদিক বাবা ৰামদেৱে সকিয়াই দিয়ে যে আৰু পেট্ৰল ডিজেল মুল্য এনেকুৱা প্ৰশ্ন নকৰিব কৰিলে কথা বেয়া হ’ব।