
হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আনুষ্ঠানিকভাৱে হস্তান্তৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ সম্পত্তি। ৩৭৫ কোটি টকাৰে কাছাৰ আৰু নগাঁও কাগজ কল ক্ৰয় কৰিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বতধীন চৰকাৰে।
লিকুইডিটৰক অসম চৰকাৰে আদায় দিলে মুঠ ৩৭৫ কোটি টকা। অতি কম সময়ৰ ভিতৰত কাছাৰ আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীৰ প্ৰাপ্য ধন আদায় দিব ৰাজ্য চৰকাৰে। অসমৰ কাগজ কলৰ ভূমিক লৈ ৰাজ্য চৰকাৰে কৰিব নতুন চিন্তা। ৰাজ্যৰ উদ্যোগ তথা বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী কাগজ কলত উপস্থিত হৈ এই ঘোষণা কৰে।
অসম চৰকাৰে কাগজ কল ক্ৰয় কৰাৰ পিছতে টুইটযোগে এই কথা আনুষ্ঠানিকভাবে সদৰি কৰে ৰাজ্যৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
