26.6 C
Munich
Thursday, August 11, 2022

গাড়ীগাৱৰ ঘটনাই সমগ্ৰ অসমক লজ্জিত কৰিছে।

Must read

গাড়ীগাৱৰ কিশোৰীক বলৎকাৰী বিকি আলীক আৰক্ষীৰ গুলিচালনাত নিহত আৰু চাৰিজন বৰ্তমানলৈ পলায়ন

গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱৰ ঘটনাই সমগ্ৰ ৰাজ্যতে জোকাৰি গৈছে। এজনি কিশোৰীক ৪জন কালপিতে মহানগৰ গাড়ীগাৱত ধৰ্ষণ কৰাৰ কথা পোহৰলৈ আহিছে। উক্ত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মুল নায়ক বিকি আলী আৰক্ষীৰ গুলিত নিহত হয় বুলি জানিব পৰা গৈছে। মৃত্যু হোৱা বিকিৰ দেহত ৪টাকৈ গুলীৰ আঘাতৰ চিন হোৱা অৱগত কৰাইছে গুৱাহাটী ভাঙাঘৰত অৱস্থিত জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই। লগতে অধ্যক্ষয় কয় যে বিকিৰ দেহত ৪ টা স্থানত আঘাতৰ চিন আছে। তিনিটা আঘাত দেহৰ পিছফালে আৰু এটা সন্মুখৰ ফালে বুলি প্ৰকাশ কৰিছে অধীক্ষক গৰাকীয়ে। আৰক্ষীৰ জিম্মাৰ পৰা নিশা পলায়নৰ চেষ্টা কৰাৰ বাবেই আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হোৱা বুলি আৰক্ষীৰ মহলৰ পৰা জানিব পৰা গৈছে। এই ধৰ্ষণৰ ঘটনাত জড়িত আন ৪ জন বৰ্তমানো পলাতক অৱস্থাত আছে। যোৱাকালিৰ দিনটোত ডামপুৰৰ পৰা অভিযুক্ত বিকিক আটক কৰিছিল অসম আৰক্ষীয়ে। অভিযুক্ত বিকিৰ মৃত্যুৰ পিছতেই পিতৃয়ে দাবী কৰিছে যে তেওঁৰ ধৰ্ষণকাৰী পুত্ৰই নিজেই আৰক্ষীক আত্মসমৰ্পণ কৰিছিল বাবে পলোৱাৰ কথা আহিবই নোৱাৰে। দেশত আইন-আদালত নাইকিয়া হ’ল নেকি বুলিও প্ৰশ্ন কৰে ধৰ্ষণকাৰীটোৰ পিতৃ তথা আন আত্মীয়সকলে।
উল্লেখ্য যে পুত্ৰৰ মৃত্যুত আবেগিক পিতৃৰ ভাষ্যৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিছে নিজা মন্তব্য, ‘বিকি আলীৰ এনকাউণ্টাৰৰ খবৰটো বাতৰিত পোৱা বুলি। আৰক্ষীয়ে আৰক্ষীৰ কাম কৰিছে। বাকী পলাই থকা কেইটাকো আৰক্ষীয়ে ধৰিব।’ ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাই। হিন্দুৱেই হওক বা মুছলমান নিকৃষ্ট কাণ্ড কৰিলে এনকাউণ্টাৰ হ’বই। এনেকুৱা জঘণ্য ঘটনা আৰু দ্বিতীয়বাৰ নহক বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article