কৰিণা কাপুৰে স্বামী চেইফক কিয় দিলে ধমকি

Todaytak:- বলিউডৰ হিন্দী চিনেমাত বহুত দেখা পাইছে স্বামী পত্নীৰ মাজত সংঘাত আৰু বিবাহ বিচ্ছেদ কিন্তু বলিউডৰ কৰীণা কাপুৰ আৰু চেইফ আলী বহু বছৰ ধৰি বিবাহ পাশত আবদ্ধ হৈ দুটা পুত্ৰ জন্ম দি সুখৰ সংখাৰ কৰি থকাৰ পিছত কৰিণাই দিলে স্বামীক ধমক। কৰিণাই দিয়া সতৰ্কবাণী দিয়াৰ কাৰণটোও যথেষ্ট হাষ্যকৰ। সকলোৱে জানে যে কৰীণা কাপুৰ আৰু চেইফ আলী খানৰ টাইমুৰ আৰু জেহ নামৰ দুটি সন্তান আছে। দ্বিতীয় সন্তানৰ জন্মৰ পিছত, এতিয়া কৰীণা কাপুৰে এক সাক্ষাৎকাৰত তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছুমান ধেমেলীয়া কথা চচিয়েল মিডিয়াৰ যোগেৰে উন্মোচন কৰিছে। য’ত, কৰীণা কাপুৰে চেইফ আলী খানৰ পিতৃ হোৱাৰ ওপৰত কিছু ৰহস্য কথা কৈছে। কৰীণাই এক বিশেষ সাক্ষাৎকাৰত কৈছে, “কৰিণাই কয় যে মোৰ স্বামী চৈফৰ জীৱনৰ প্ৰতিটো দশকত একোটাকৈ সন্তান জন্ম পাইছে। প্ৰথমে, প্ৰথম পত্নীৰ পৰা ২০ ৰ দশকত ছাৰা আলী জন্ম পাই, ৩০ ৰ দশকত অব্ৰাহাম জন্ম পাই, কৰিণা কাপুৰ পৰা ৪০ দশকত টাইমুৰ আৰু ৫০ ৰ দশকত জেহ জন্ম পাই। সেইকাৰণে চেইফ মই কৈছোঁ যে, ৬০ৰ দশকত যাতে পুনৰ বাপেক হোৱাৰ কথা ভাবিব মানা কৰিছো। কৰীণা কাপুৰে তেওঁৰ স্বামী চৈইফক পিতৃ হিচাপে প্ৰশংসাও কৰা পৰিলক্ষিত হৈছে। কৰীণাই এই সন্দৰ্ভত কৈছে, “মই ভাবো যি মানুহে চেইফৰ দৰে ভাবে তেওঁহে চাৰিটা সন্তানৰ পিতৃ হ’ব পাৰে। মোৰ স্বামীয়ে এতিয়া সকলোকে সমানে সময় দিয়ে আৰু এতিয়া জেহৰ সৈতে আমি দুয়োৱে সমানে সময় দিবলৈ চেষ্টা কৰি আছোঁ। আমি এটা চুক্তি কৰিছো যে যেতিয়া চৈইফে এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰে, মই সেই সময়ত চিনেমাৰ কাম হাতত নলওঁ। আৰু মই যেতিয়াই চিনেমাত চুক্তি কৰো তেতিয়া চেইফে কোনো ধৰণৰ কামত জড়িত অকল সন্তানক সময় দিয়া যায়।