24.4 C
Munich
Thursday, August 11, 2022

অসমৰ জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালীয়ে বলিউদৰ চিনেমাত হিন্দী গীত কন্ঠদান কৰি প্ৰথম খোচৰ আৰম্ভণি

Must read

প্ৰিয়ংকা ভৰালী অসমীয়া শিল্পী বলিউডত প্ৰথম যাত্ৰা ১০০ কোটি বাজেটৰ ফিল্মত কন্ঠদান।

অসমৰ জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালীয়ে বলিউডৰ প্ৰথম যাত্ৰাত ১০০ কোটি বাজেটৰ ফিল্মত কন্ঠদান।

অসমৰ জনপ্ৰিয় গায়িকা বলিউদত খোজ পেলালে প্ৰিয়ংকা ভৰালীয়ে। বলিউডত চিনেমাত গান গাবলৈ বিভিন্ন ৰাজ্যৰ শিল্পী তথা গায়ক গায়িকা গান গাবলৈ অতি আগ্ৰহৰে বাদ চাই থাকে তথাপিও বহুতে ৰিজেক্ট হয়। কিন্তু অসমৰ চিনাকি মুখ গায়িকা প্ৰিয়ংকা ভৰালীয়ে বলিউদৰ এখন বিগ বাজেটৰ ছবি ‘KGF CHAPTER 2’।’KGF CHAPTER 2’ ছবিৰ এটি গীতত কন্ঠ নিগৰালে প্ৰিয়ংকাই ভৰালীয়ে। জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে ‘তুফান’ নামৰ গীতটিত কণ্ঠদান কৰিছে। ‘তুফান’ শীৰ্ষ গীতেৰে বলিউদলৈ প্ৰথম যাত্ৰা ভৰালীৰ।বলিউদৰ এই বিগ বাজেটৰ ছবি খনৰ বাবে সকলোৰে অপেক্ষা কৰি আছে। এই অপেক্ষাৰতৰ মাজতে অসমবাসীৰ বাবে প্ৰিয়কাই গৌৰৱ কঢিয়াই আনিছে। ইতিমধ্যে ভৰালীয়ে কন্ঠদান কৰা গীতটিৰ লিৰিকেল ভিডিঅ’ মুকলি কৰিছে। ছটবিখনৰ ট্ৰেইলাৰ অহাকালি মুক্তি কৰি দিয়া হ’ব ছবিখন নিৰ্মাণীত কৰা টুইটাৰ যোগে এই কথা সদৰি কৰে। ছবি খনে অহা ১৪ এপিলত শুভমুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে। বলিউডৰ অফিচেল মতে ৰাইজক অবগত কৰাই যে ছবি খন নিৰ্মাণৰ নামত ১০০ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছে। ১০০ কোটি খৰচ কৰি নিৰ্মাণ কৰা ছবিখনত অভিনয় কৰিছে য়শ, সঞ্জয় দত্ত, শ্ৰীনিধি শেট্টী, ৰবীনা টেণ্ডন, প্ৰকাশ ৰাজ আদিৰ দৰে নামি দামী তাৰকাই।গীতটিত কণ্ঠদান কৰি প্ৰিয়ংকাই ভৰালীয়ে ধন্যবাদ জনালে সংগীত পৰিচালক আৰু ছবি নিৰ্মাতা সকলক লগতে ছবিখনত জড়িত হৈ থকা সকলো কালাকৰ সকলক।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article