27.9 C
Munich
Wednesday, August 17, 2022

হৰভজন সিঙ অৰবিন্দ কেজৰুৱাল দলৰ হৈ পাঞ্জাৱ ৰাজ্যৰ পৰা ৰাজ্য সভাৰ সাংসদ হোৱাটো নিশ্চিত।

Must read

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ অতিত ৰাজনীতিৰ পথাৰত আহি ৰাজ্য সভাৰ সাংসদ হোৱা বহুত দেখিবলৈ পাইছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং ৰাজ্য সভাৰ সাংসদ।

ভাৰতৰ হৈ প্ৰাক্তন ক্ৰিকেটাৰ ইছপিনিয়াৰ বলিং কৰি বহু কেইখন মেচত জয়ী কৰি গৌৰৱ কঢ়িয়াই অনা হৰভজন সিঙ ৰাজনৈতিক ভাবে প্ৰথমবাৰ খোজ দিয়ে পাঞ্জাৱ ৰাজ্যৰ আম আদমি পাৰ্টি চৰকাৰৰ নেতৃত্বত। ক্ৰিকেট জগতক বিৰুধী দলক বলেৰে ধাৰাশাৰ কৰি পেলোৱা হৰভজন সিঙ বেট বল এৰি হাতত তুলি ললে কেজৰিৱাল দলৰ আম আদমি পাৰ্টিৰ ঝাড়ু। ১৯৯১ চনত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক মনচুৰ আলী খান পাতাউদ্দিয়ে কংগ্ৰেছ দলত , ১৯৮৩ চনত বিশ্ব কাপ জয়ী ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ কীৰ্তি আজাদে বিজেপিত , নৱজিত সিং সিন্ধুৱে ২০০৪ চনত বিজেপিত লগতে পিছত কংগ্ৰেছ , মহমদ আজহাৰুদ্দিনে ২০০৯ চনত কংগ্ৰেছত আৰু গৌতম গম্ভীৰে ২০১৯ চনত বিজেপিত যোগ দিয়াৰ তথ্য ইতিমধ্যে বহু পুৰণি যিসকল ক্ৰিকেট আৰু বলিউডৰ পৰা আহি ৰাজনৈতিক নেতা হৈছে কিন্তু ৰাইজৰ হৈ কোনো এজন নেতাই কাম কৰা দেখা নাই জনতাৰ। যিহেতু দিল্লীত কেজৰুৱালে সকলো ৰাজনৈতিক নেতাত কৰি ৰাইজৰ হৈ বহু কাম কৰা দেখা গৈছে। দিল্লী ৰাজ্যখন যিধৰণে উন্নতি কৰিছে সমগ্ৰ বিশ্বতে দিল্লী ৰাজ্যৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰুৱালৰ চিন্তাশীলক শলাগ ল’ব বাধ্য হৈছে। দিল্লীৰ অৰবিন্দ কেজৰীৱাল চৰকাৰৰ স্বাস্থ্য শিক্ষা আৰু বিভিন্ন ধৰণৰ আঁচনি ৰাইজে দেখি পাঞ্জাৱত বহু পুৰণি পুৰণি পাৰ্টিক ওফৰাই মাত্ৰ ১০ বছৰৰ পূৰ্বে গঠন হোৱা আম আদমি পাৰ্টিক বিপুল ফোটত জয়যুক্ত কৰি আম আদমি পাৰ্টিৰ চৰকাৰ গঠন কৰিবলৈ পাঞ্জাৱবাসীয়ে সুবিধা প্ৰদান কৰিছে। সমগ্ৰ ভাৰতবাসীয়ে পাঞ্জৱ ৰাজ্যৰ আম আদমি পাৰ্টি চৰকাৰৰ বিৰুদ্ধে চকু নিবিদ্ধ কৰি ৰাখিছে। জানিব পৰামতে দিল্লীত আম আদমি পাৰ্টিৰ মুল নায়ক অৰবিন্দ কেজৰুৱালে যিধৰণে উন্নতি কৰিবলৈ সক্ষম হৈছে। থিক একেদৰে পাঞ্জাৱত ভাগৱত নেতৃত্বত আম আদমি পাৰ্টি নেতৃত্বাধীন চৰকাৰে ৰাইজৰ উন্নতি কৰিবলৈ সক্ষম হব নে নাই পাঞ্জাৱ বাসীৰ লগত সমগ্ৰ দেশ বাসী পাঞ্জাৱ চৰকাৰৰ বিৰুদ্ধে নিবদ্ধ হৈ আছে। পাঞ্জাৱত বৰ্তমান আম আদমি পাৰ্টি ঝাড়ু চৰকাৰৰ তৰফৰ পৰা ৰাজ্য সভাৰ সাংসদ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙ হ’ব বুলি বিভিন্ন সংবাদ মাধ্যম বা চচিয়েল মাধ্যমেৰে দেখিব পোৱা গৈছে। হৰজভন সিঙে ৰাজ্য সভাৰ সাংসদ হোৱাৰ পিছত ৰাইজৰ হৈ কিধৰণে বলিষ্ঠ পদক্ষেপ লয় সাংসদ হোৱাৰ পিছত জল জল পট পট ওলাব।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article