-1.4 C
Munich
Friday, December 9, 2022

বিধায়ক অখিল গগৈক বিধান সভাৰ পৰা বহিষ্কাৰ বিধায় জনে কয় ৰাজ্যপালে ভুলকৈ কথা কৈছে চৰকাৰৰ হকে।

Must read

Todaytak: অসম চৰকাৰৰ বাজেট অধিৱেশন। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন অসম চৰকাৰৰ দ্বিতীয়খন বাজেট অধিৱেশনত প্ৰথম দিনটোতেই বিধানসভাৰ পৰা শিৱসাগৰৰ বিধায়ক মহোদয়ক অধ্যক্ষই বহিস্কাৰ কৰি দিছিল। বাজেট অধিৱেশনৰ প্ৰথম দিনৰ দিনা ৰাজ্যপালে ভাষণৰ সময়ত সদনত হুলস্থূল কৰা অভিযোগত দেখাই সদনৰ পৰা বহিস্কাৰ কৰি দিয়ে শিৱসাগৰৰ বিধায়ক। অখিল গগৈ বহিস্কাৰ কৰি দিয়াৰ পিছতে বিধানসভাৰ পৰা বাহিৰত ওলাই আহি সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈ মন্তব্য দাঙি ধৰে যে ৰাজ্যপালৰ ভাষণত অসমৰ মূল সমস্যা উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰা বুলি সংবাদ মাধ্যমৰ যোগেৰে অসমবাসী ৰাইজক কয়। শিৱসাগৰৰ বিধায়ক গৰাকী কয় যে ৰাজ্যপালে ভুল তথ্যৰে বাজেটত ভাষণ প্ৰদান কৰাৰ অভিযোগ দাঙি ধৰে অখিল গগৈ কয় যে ৰাজ্যপালৰ ভাষণত চৰকাৰৰ নিয়মীয়া কাম-কাজৰ প্ৰশংসাৰ বাহিৰে আন একো নহয় লগতে অখিল গগৈয়ে কয়, ‘‘ভাষণত কোৱা হৈছে, অসমৰ খেতিয়ক সকলৰ তৰফৰ পৰা ধান ক্ৰয় কৰা হৈছে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বতধীন চৰকাৰে ধান ক্ৰয়ৰ ব্যৱস্থা কৰিছে। ১০ লাখ মেট্ৰিক টন ধান অসমৰ কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰা হ’ব। ইয়াত লিখা আছে যে ৮৬ হাজাৰ মেট্ৰিক টন ধানহে এতিয়ালৈ ক্ৰয় কৰা হৈছে। অৰ্থাৎ ১০ ভাগৰ এক অংশও সাফল্য লাভ কৰা নাই। অখিল গগৈ কয় যে চৰকাৰ বিফল হৈছে। অথচ ৰাজ্যপালে কয় যে চৰকাৰ সাংঘাতিকভাৱে সফল হৈছে। বিধায়ক গৰাকী স্পষ্ট ভাবে কয় যে ৰাজ্যপালে মিছা কথা কৈ থাকিব আমাক ৰাইজে জনপ্ৰতিনিধি হিচাপে ইয়ালৈ পঠাইছে আমি মনে মনে বহি থাকিম, সেয়া কেতিয়াও হ’ব নোৱাৰে।’’ জেলৰ পৰা নিৰ্বাচিত হোৱা অখিল গগৈয়ে পুনৰ কয়, ‘‘এই চৰকাৰে ১ লাখ নিযুক্তি দিম বুলি কৈছিল। ১০ মে’ ২০২২ৰ ভিতৰত নিযুক্তি দিম বুলি হিমন্ত কৈছিল। ইয়াত কোৱা হৈছে যে ২৭ হাজাৰ আৰু ৩৭ হাজাৰ নিবনুৱা নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ক’ৰবাত এইখন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছেনে? ৰাজ্যপালৰ ভাষণত ১ লাখ শিক্ষিত নিবনুৱাৰ নিযুক্তি সম্পৰ্কে বোকাত মিছা কথাৰ অৱতাৰণা কৰা হৈছে। কি কৰিলে, ক’ত নিযুক্তি কৰিলে আমি কোনেও এই কথা নাজানো। ৰাজ্যপালৰ মিছা কথা শুনিবলৈ আমাকে ৰাইজে ৰ’দ বতাহত শাৰী পাতি পাতি কষ্ট কৰি ভোট দি জন প্ৰতিনিধি হিচাপে বিধান সভালৈ মিচা কথা শুনি থাকিবলৈ বিধায়ক হিচাবে পঠিয়াই নাই। ৰাজ্যপালৰ মিছা ভাষণৰ প্ৰতিবাদ কৰাৰ কাৰণে মোক সদনৰ পৰা বহিষ্কাৰ কৰিছে।’’ সদনৰ পৰা বহিষ্কাৰ কৰা নহয় মিচা কথা কলে প্ৰতিবাদ কৰি চৰকাৰৰ বিৰুদ্ধে এই সংগ্ৰাম অব্যাহত ৰাখিমে বুলি বিধায়ক গৰাকী হুংকাৰ দি কয়। অখিল গগৈয়ে কয় যে তেওঁ ৰাইজৰ পক্ষৰ হৈ সদায় মাত মাতি যাব কোনেও বিধায়ক গৰাকীৰ কন্ঠ বন্ধ কৰিব নোৱাৰে। অখিলে কয় যে লাগিলে বিধানসভাৰ সদস্যপদ ত্যাগ কৰিম। ৰাইজৰ কথা ভুলকৈ আৰু মিছাকৈ ক’বলৈ দিয়া নহব বুলি জেলৰ পৰা শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক হোৱা অখিল গগৈয়ে এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য দাঙি ধৰে। nekib ali

বাজেট অধিৱেশনৰ প্ৰথম দিনাই অখিল গগৈক মিচা অভিযোগ বুলি বহিস্কাৰ কৰা অধ্যক্ষক অখিল গগৈ প্ৰমাণ কৰি দিলে মিচা নহয় সচা বুলি

Todaytak: অসম চৰকাৰৰ বাজেট অধিৱেশন। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন অসম চৰকাৰৰ দ্বিতীয়খন বাজেট অধিৱেশনত প্ৰথম দিনটোতেই বিধানসভাৰ পৰা শিৱসাগৰৰ বিধায়ক মহোদয়ক অধ্যক্ষই বহিস্কাৰ কৰি দিছিল। বাজেট অধিৱেশনৰ প্ৰথম দিনৰ দিনা ৰাজ্যপালে ভাষণৰ সময়ত সদনত হুলস্থূল কৰা অভিযোগত দেখাই সদনৰ পৰা বহিস্কাৰ কৰি দিয়ে শিৱসাগৰৰ বিধায়ক। অখিল গগৈ বহিস্কাৰ কৰি দিয়াৰ পিছতে বিধানসভাৰ পৰা বাহিৰত ওলাই আহি সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈ মন্তব্য দাঙি ধৰে যে ৰাজ্যপালৰ ভাষণত অসমৰ মূল সমস্যা উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰা বুলি সংবাদ মাধ্যমৰ যোগেৰে অসমবাসী ৰাইজক কয়।
শিৱসাগৰৰ বিধায়ক গৰাকী কয় যে ৰাজ্যপালে ভুল তথ্যৰে বাজেটত ভাষণ প্ৰদান কৰাৰ অভিযোগ দাঙি ধৰে অখিল গগৈ কয় যে ৰাজ্যপালৰ ভাষণত চৰকাৰৰ নিয়মীয়া কাম-কাজৰ প্ৰশংসাৰ বাহিৰে আন একো নহয় লগতে অখিল গগৈয়ে কয়, ‘‘ভাষণত কোৱা হৈছে, অসমৰ খেতিয়ক সকলৰ তৰফৰ পৰা ধান ক্ৰয় কৰা হৈছে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বতধীন চৰকাৰে ধান ক্ৰয়ৰ ব্যৱস্থা কৰিছে। ১০ লাখ মেট্ৰিক টন ধান অসমৰ কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰা হ’ব। ইয়াত লিখা আছে যে ৮৬ হাজাৰ মেট্ৰিক টন ধানহে এতিয়ালৈ ক্ৰয় কৰা হৈছে। অৰ্থাৎ ১০ ভাগৰ এক অংশও সাফল্য লাভ কৰা নাই। অখিল গগৈ কয় যে চৰকাৰ বিফল হৈছে। অথচ ৰাজ্যপালে কয় যে চৰকাৰ সাংঘাতিকভাৱে সফল হৈছে। বিধায়ক গৰাকী স্পষ্ট ভাবে কয় যে ৰাজ্যপালে মিছা কথা কৈ থাকিব আমাক ৰাইজে জনপ্ৰতিনিধি হিচাপে ইয়ালৈ পঠাইছে আমি মনে মনে বহি থাকিম, সেয়া কেতিয়াও হ’ব নোৱাৰে।’’
জেলৰ পৰা নিৰ্বাচিত হোৱা অখিল গগৈয়ে পুনৰ কয়, ‘‘এই চৰকাৰে ১ লাখ নিযুক্তি দিম বুলি কৈছিল। ১০ মে’ ২০২২ৰ ভিতৰত নিযুক্তি দিম বুলি হিমন্ত কৈছিল। ইয়াত কোৱা হৈছে যে ২৭ হাজাৰ আৰু ৩৭ হাজাৰ নিবনুৱা নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ক’ৰবাত এইখন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছেনে? ৰাজ্যপালৰ ভাষণত ১ লাখ শিক্ষিত নিবনুৱাৰ নিযুক্তি সম্পৰ্কে বোকাত মিছা কথাৰ অৱতাৰণা কৰা হৈছে। কি কৰিলে, ক’ত নিযুক্তি কৰিলে আমি কোনেও এই কথা নাজানো। ৰাজ্যপালৰ মিছা কথা শুনিবলৈ আমাকে ৰাইজে ৰ’দ বতাহত শাৰী পাতি পাতি কষ্ট কৰি ভোট দি জন প্ৰতিনিধি হিচাপে বিধান সভালৈ মিচা কথা শুনি থাকিবলৈ বিধায়ক হিচাবে পঠিয়াই নাই। ৰাজ্যপালৰ মিছা ভাষণৰ প্ৰতিবাদ কৰাৰ কাৰণে মোক সদনৰ পৰা বহিষ্কাৰ কৰিছে।’’
সদনৰ পৰা বহিষ্কাৰ কৰা নহয় মিচা কথা কলে প্ৰতিবাদ কৰি চৰকাৰৰ বিৰুদ্ধে এই সংগ্ৰাম অব্যাহত ৰাখিমে বুলি বিধায়ক গৰাকী হুংকাৰ দি কয়। অখিল গগৈয়ে কয় যে তেওঁ ৰাইজৰ পক্ষৰ হৈ সদায় মাত মাতি যাব কোনেও বিধায়ক গৰাকীৰ কন্ঠ বন্ধ কৰিব নোৱাৰে। অখিলে কয় যে লাগিলে বিধানসভাৰ সদস্যপদ ত্যাগ কৰিম। ৰাইজৰ কথা ভুলকৈ আৰু মিছাকৈ ক’বলৈ দিয়া নহব বুলি জেলৰ পৰা শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক হোৱা অখিল গগৈয়ে এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য দাঙি ধৰে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article