মহিলাই নিজৰ সন্তান আৰু স্বামীক এৰি অতি গোপনে আলফাত যোগদান কৰিবলৈ যোৱা মহিলাক আটক অসম আৰক্ষীয়ে।

Todaytak :- সন্তানৰ বাবে মাতৃয়ে কি কি কষ্ট ত্যাগ কৰে কবলৈ শব্দ নাই। কিন্তু এইখন অসমতে নিজৰ দুটা সন্তান আৰু স্বামীৰ পৰা গোপনে ঘৰৰ পৰা পলায়ন কৰি আলফাত যোগদান কৰিবলৈ যায়।
ঘটনাৰ সন্দৰ্ভত সবিশেষ জনাই চৰাইদেউ জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে।
অসম আৰক্ষী চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মহিলা গৰাকীৰ কথা জনায়। দুই সন্তান আৰু স্বামীৰ পৰা পলায়ন কৰা মহিলা গৰাকী নগাঁও জিলাৰ হয়বৰগাওঁ আৰক্ষী চকীৰ অধীনত শৰাইঘাট চলচলিৰ কাৱৈমাৰি গাঁৱৰ বাসিন্দা হয়। উক্ত মহিলা জনী আলফা স্বামীকত যোগদান কৰাৰ যো-জা চলাইছিল। আনকি চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তত নামতোলাহৈ নগালেণ্ডত থকা আলফা(স্বাধীন)ৰ লগত যোগদান কৰিবলৈও গৈছিল।
আৰক্ষী অধীক্ষকে জনোৱা মতে আজি দিনৰ প্ৰায় ১১ বজাত চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীয়ে গোপনে অভিযান চলাই সীমান্তৱৰ্তী নামতোলা এলেকাৰ পৰা অলফাত যোগদান কৰিবলৈ যোৱা মহিলা গৰাকীক আটক কৰে। দুই সন্তান তথা স্বামীৰ পৰা পলায়ন কৰি যোলা মহিলাগৰাকীক সম্প্ৰতি সোণাৰি আৰক্ষী থানাত আৰক্ষীয়ে বিভিন্ন ধৰণৰ জেৰা অব্যাহত ৰাখে লগতে উক্ত মহিলা গৰাকীৰ লগত আৰু কোনোবা জড়িত আছে নে নাই তদন্ত অব্যাহত ৰাখিছে। আলফাত যোগদান কৰিবৰ বাবে মহিলা গৰাকী কিমান দিন আগৰ পৰা যোগাযোগত আছিল বাকী আৰু আইন মতে যিধৰণে ব্যৱস্থা ল’ব লাগে তেনেকৈ মহিলা গৰাকীৰ লগত খোচ পোচ চলি থকা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য দাঙি ধৰে আৰক্ষী অধীক্ষক গৰাকী।