-1.9 C
Munich
Sunday, November 27, 2022

মুল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ হাহ নচৰা অৱস্থাৰ সন্মুখীন শাসনাধীন থকা নেতাই মৌন।

Must read

ইফালে পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি আনফালে টোলগেটৰ মাচুল বৃদ্ধিৰ বাবে বাছৰ মুল্য বৃদ্ধি সাধাৰণ ৰাইজ চিন্তাত।

এইসকল নেতাই কংগ্ৰেছ চৰকাৰৰ সময়ত মুল্যবৃদ্ধিৰ বাবে ৰাজ পথত প্ৰতিবাদ কৰিছিল পিয়াজৰ মালা লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল। বৰ্তমান এইসকল নেতাৰ দিনত চেঞ্চুৰী মাৰিলে সকলো পেট্ৰল ডিজেলৰ পৰা সকলো সামগ্ৰীতে কিন্তু এই সকল নেতাই বৰ্তমান মৌন কিয়?
সাধাৰণ ৰাইজৰ কথা চিন্তা নকৰি প্ৰত্যেক দিনা সকলো সামগ্ৰীৰ মুল্য বৃদ্ধি জনতাৰ মুৰত ৰাম টাঙোন।

Todaytak:- সাধাৰণ ৰাইজে কি দৰে চলিব বৰ্তমান সময়ত জন-পৰিবহণ ব্যৱস্থাৰ আকাশলম্বী ভাড়াই সাধাৰণ ৰাইজক হাহ নচৰা অৱস্থাৰ সন্মুখীন হৈছে। চৰকাৰৰ তৰফৰ খোৱা বস্তুৰ পৰা পেট্ৰল ডিজেলকে ধৰি প্ৰত্যেক দিনাই মুল্য বৃদ্ধি হৈ আছে। আনফালে টোলগেটৰ মাচুল বৃদ্ধি গাড়ীৰ মালিক তথা চালক সকলক বিপদত পেলাই দিছে। সেইকাৰণে বাছ গাড়ীৰ সন্থাই তথা মালিক আৰু ড্ৰাইভাৰ সকলে গাড়ীৰ ভাড়া বঢ়াই দিয়াৰ লগে লগে যাত্ৰী সকলে বহুত অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। সেয়া লাগিলে কম দূৰত্ব‌ৰ বা বেছি দূৰত্বৰ যাত্ৰাই হ‌ওক। এই কৰ কিছু পৰিমাণে কমাই দিলেই ইন্ধনৰ মূল্যবৃদ্ধি ৰোধ হ’ব।
ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নীতকৰণ সম্পূৰ্ণ নোহোৱাতে বিভিন্ন জিলাত টোলগেট স্থাপনেৰে কৰ লোৱা ব্যৱস্থা বাহনৰ মালিক সকলৰ বহু বিপদৰ সন্মুখীন হৈছে। কাৰণ এজন মানুহে দিন হাজিৰা কৰি এদিনত প্ৰায় ৪০০ টকা পাই। টোলগেটত চাৰিচকীয়া যিকোনো বাহনে এইবাৰত ২০০ টকা দিব লগা হয়।
বৰ্তমান সময়ত সাধাৰণ ৰাইজে এখাজ খাবলৈ ভাবিব লগা পৰিস্থিতি হৈছে। বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ বিধায়ক আৰু মন্ত্ৰী সকলৰ দিনতে সকলো সা-সামগ্ৰীতে মুল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক ককলা ভাঙি দিছে। যিসকল বিধায়ক তথা মন্ত্ৰী হৈ আছে এইসকল নেতাই যেতিয়া বিৰুধী আসনত বহি আছিল এই সকল নেতাই পিয়াজৰ মালা চিলিণ্ডাৰ লৈ ৰাজ পথত প্ৰতিবাদ সাব্যস্ত কৰিছিল। বৰ্তমান এইসকল নেতা পালিনেতাৰ অধীনত সকলো সামগ্ৰীতে চেঞ্চুৰী মাৰিলে তথাপিও এইবাৰ ৰাইজৰ কথা চিন্তা নকৰি দিনক দিনে মুল্য বৃদ্ধি বঢ়াই আছে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article