1 C
Munich
Monday, December 5, 2022

ৰাজ্যত একেটা স্থানত পিতৃ কন্যাৰ আত্মহত্যা।

Must read

দিখৌ নদীত জপীয়াই ২০০৭ চনত পিতৃৰ আত্মহত্যা সেই একেটা স্থানত ২০২২ চনৰ শুক্ৰবাৰে পুৱতি নিশা আত্মহত্যা কন্যাৰ।

আত্মহত্যা পিতৃ-কন্যা একেটা স্থানত

Todaytak : ৰাজ্যত বিভিন্ন সময়ত আত্মহত্যা খবৰ বাতৰি পঢ়িলে দেখিবলৈ পাও। কিন্তু ৰাজ্যত আত্মহত্যা খবৰ চৰকাৰে ৰোধ কৰিবলৈ প্ৰচেষ্টা চলাই থকাও দেখা গৈছে। ৰাজ্যৰ এইখন জিলাত একেলগে আত্মহত্যা কৰিলে দেউতাক আৰু কন্যা। জানিব পৰা মতে ঐতিহাসিক শিৱসাগৰ জিলাত যোৱা শুক্ৰবাৰে এই ঘটনা সংঘটিত হয়। শিৱসাগৰ জিলাত পুৱতি নিশা আমগুৰি ঘাটৰ দিখৌ দলঙৰ ওপৰৰ পৰা নদীত জঁপিয়াই সন্ধানহীন হৈ থাকে মহিলা গৰাকী। সন্ধানহীন হৈ থকা মহিলা গৰাকী শিৱসাগৰৰ জয়সাগৰৰ গাওৰ নিৱাসী পংকজ গায়নৰ পত্নী শিখা শইকীয়া বুলি জানিব পৰা গৈছে। ২০০৭ চনত পংকজৰ লগত বিবাহ-পাশত আবদ্ধ হৈছিল। নদীত জাঁপ মৰা মহিলা গৰাকীৰ ১৩ বছৰীয়া সন্তান আছিল। জানিব পৰা মতে শিখা শইকীয়া কালুগাওঁ উপ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল আৰু তেওঁৰ প্ৰকৃত ঘৰ আখৈফুটীয়াৰ জয়ৰাপাৰ অঞ্চলত ৷ মাতৃৰ চাকৰিৰ সূত্ৰে জয়সাগৰ চিকিৎসালয়ৰ আৱাসীক এলেকাত থাকে শিখা শইকীয়া ৷ আজি পুৱতি নিশা দলঙৰ ওপৰত শিখাৰ স্কুটিখন পাই আৰক্ষীয়ে। বৰ্তমান দৌখ নদীত ঘটনাস্থলীত আৰক্ষী, SDRF ৰ দল উপস্থিত হৈ অভিযান চলাই আছে। আৰক্ষীৰ তৰফৰ পৰা এই ঘটনাটো হোৱাৰ কাৰণ পাৰিবাৰিক মনোমালিন্য বুলি সন্দেহ কৰে। অৱশ্যে তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত তথ্য বুলি আৰক্ষী সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে দিখৌ নদীত ২০০৭ চনত শিখা শইকীয়াৰ দেউতাকেও জঁপিয়াই আত্মহত্যা কৰিছিল। শিখা শইকীয়াৰ আত্মহত্যা কৰাৰ ৰহস্য তথ্য এতিয়াও পোহৰলৈ অহা নাই।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article