-1.9 C
Munich
Sunday, November 27, 2022

ৰাজ্যৰ এজন শিক্ষাগুৰুৰ কাণ্ডই চচিয়েল মিডিয়াত সলকনি তুলিছে।

Must read

শিক্ষাগুৰুৰ কাণ্ড ছাত্ৰীক গোলাপ ফুলেৰে প্ৰেমৰ বাবে প্ৰস্তাৱ দি চাকৰিৰ পৰা নিলম্বিত।

Todaytak :- শিক্ষকৰ নামত কলঙ্কিত অন্য ৰাজ্যত নহয় অসমৰ এখন জিলাত শিক্ষাগুৰুৰ কাণ্ড দেখিলে আপুনি হতভম্ব হ’ব। শিক্ষাগুৰুক সদাই ছাত্ৰ-ছাত্ৰী অভিভাৱক বুলি ভাবে কিন্তু কিছুমান কলক্কিত শিক্ষকৰ কাণ্ডৰ বাবে সমগ্ৰ শিক্ষক সমাজ খনে লজ্জিত হ’ব লগা হয়। ৰাজ্যৰ ধেমাজি জিলাৰ প্ৰেমত ফুলে শতদল। এই ঘটনা সংঘটিত হৈছে ধেমাজিৰ দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ কেন্দ্ৰত। হিন্দী চলচ্চিত্ৰ দৰে প্ৰেমৰ প্ৰস্তাৱ দিলে শিক্ষকে ছাত্ৰীক। দৰে ছাত্ৰীক প্ৰেমৰ প্ৰস্তাত দিয়াৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে প্ৰতিষ্ঠানখনৰ পৰা নিলম্বন কৰা হয় শিক্ষকজনক। আনহাতে লাজে লাজে শিক্ষকৰ পৰা গোলাপ উপহাৰ লোৱা ছাত্ৰীগৰাকী আৰু সেই সময়ৰ দৃশ্য মোবাইল কেমেৰাত বন্দী কৰাসকলকো ৭ দিনৰ বাবে বহিস্কাৰ কৰা হ’ল প্ৰতিষ্ঠানখনৰ পৰা।
এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে- এগৰাকী শিক্ষকে শ্ৰেণীকোঠাৰ হৰ্ষোল্লাসৰ মাজেৰে আঁঠু কাঢ়ি গোলাপ যাঁচি এগৰাকী ছাত্ৰীক প্ৰেমৰ প্ৰস্তাৱ দিয়ে। সেই ভিডিঅ’টো উপস্থিত দুই-এক ছাত্ৰই মোবাইল কেমেৰাত আৱদ্ধ কৰিছিল। ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে পদক্ষেপ গ্ৰহণ কৰে প্ৰতিষ্ঠানখনে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article