
Todaytak news :- অসম চৰকাৰৰ অধীনত ২৬ হাজাৰ যুৱক-যুৱটিৰ বাবে চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গৰ বাবে বিভিন্ন অঞ্চল সমূহ পৰীক্ষা পাতিছে। পৰীক্ষাৰ বাবে সমগ্ৰ অসমতে ইণ্টাৰনেট কৰ্তন (Internet Cut) বন্ধ কৰে। যোৱা ৰবিবাৰে পৰীক্ষাৰ বাবে ইণ্টাৰনেট কৰ্তন (Internet Cut) বন্ধ কৰাৰ একাংশ লোকে আদালতৰ মজিয়াত পাই। আদালতৰ তৰফৰ পৰা আবেদন খাৰিজ কৰা বুলি জানিব পৰা গৈছে। অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ইণ্টাৰনেট কৰ্তন (Internet Cut) বিষয়টোৰ ওপৰত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে পৰীক্ষাৰ্থী সকলক পৰীক্ষা দিয়াৰ সময়ত মোবাইল লৈ সোমাবলৈ অনুমতি নিদিলে হ’ল। বিষেশকৈ আজিকালি ইণ্টাৰনেট (Internet) ওপৰত বিভিন্ন ব্যৱসায়-বাণিজ্য নিৰ্ভৰশীল হৈ পৰিছে। যেনে ওলা-ওবেৰ আৰু ওনলাইন দোকান সকলৰ কথা চৰকাৰে চিন্তা কৰিবলৈ লাগিছিল। জুবিন গাৰ্গে কয় যে ‘পৰীক্ষাৰ বাবে ইণ্টাৰনেট বন্ধ হোৱাটো প্ৰথম শুনিলো। কেৱল ম’বাইলকেইটা ৰাখি থ’লেই ভাল আছিল। কাৰণ আমাৰো বহুত অসুবিধা হয় ইণ্টাৰনেট নাথাকিলে।