26.6 C
Munich
Thursday, August 11, 2022

right to information act-2005 (capter-32)

Must read

১) ‌তথ্য পাতি আৱিষ্কাৰ অথবা পৰ্যবেক্ষণ কৰাৰ ক্ষমতা আছে,
২) শপতনামাযোগে সাক্ষ্য গ্ৰহণ কৰাৰ ক্ষমতা আছে,
৩) যিকোনো আদালত বা কাৰ্যালয়ৰ পৰা ৰাজহুৱা নথি-পত্ৰ অথবা ইয়াৰ নকল অধিগ্ৰহণ কৰিব পাৰে।
৪) সাক্ষী-বাদী আৰু তথ্য-পাতি দাখিল কৰিবলৈ চমণ জাননী জাৰি কৰিব পাৰে।
৫) তথ্য আয়োগে কৰা বিচৰাত আবেদন কাৰী উপস্থিত নাথাকিলেও যগৰ নহয়।
১) ইয়াৰ সিদ্ধান্ত পালন কৰা বাবে লোক কৰ্তৃপক্ষক বাধ্য কাৰোবাৰ তলত দিয়াবোৰ অন্তৰ্ভুক্ত।
ক) তথ্য পাবৰ ব্যৱস্থা,
খ) লোক কৰ্তৃপক্ষক লোক তথ্য বিষয়া/সহকাৰী লোক তথ্য বিষয়াক নিয়োজিত কৰিবলৈ নিৰ্দেশ দিব পাৰে।
তথ্য বিচাৰি আবেদন কৰাৰ নিয়ম
তথ্য অধিকাৰ আইন অধীনত তথ্য বিচাৰি অনুৰোধ কৰাৰ প্ৰথম কাম হৈছে প্ৰয়োজনীয় তথ্যখিনি যিমান সম্ভৱ নিদিষ্ট কৰি এখন তালিকা প্ৰস্তুত কৰা সেই তথ্য যোগান ধৰিব পৰা উপযুক্ত কৰ্তৃপক্ষক বাছি উলিওৱা।
তথ্য বিচাৰি কৰা অনুৰোধ এইখন লিখিত আবেদনৰ মাধ্যমেদি বা ই-মেইলৰ যোগেদি বা অথবা মৌখিকভাৱে ইংৰাজী, হিন্দী বা অসমীয়া ভাষাত সংশ্লিষ্ট লোক তথ্য বিষয়া/সহকাৰী লোক বিষয়াৰ ঠিকনাত নিৰ্ধাৰিত মাচুলৰ সৈতে পঠিয়াব লাগে যদি কোনো আবেদনকৰ্তাই এনে এজন লোক তথ্য  বিষয়াৰ ওচৰত আবেদন দাখিল কৰে যিজনে তেওঁ বিচৰা তথ্য যোগান ধৰিব পাৰা অৱস্থাত নাই, এই ক্ষেত্ৰত বিষয়াজনে আবেদনখন গ্ৰহণ কৰি সংশ্লিষ্ট কৰ্তপক্ষলৈ প্ৰেৰণ কৰিব লাগিব আৰু আবেদনকাৰীজনক এই বিষয়ে জনাব লাগিব। 
আবেদনত তথ্য বিচৰাৰ কাৰণ উল্লেখ কৰাৰ প্ৰয়োজন নাই। লোক তথ্য বিষয়াই আবেদন কৰাৰ ৩০ দিনৰ ভিতৰত অথবা ৪৮ ঘন্টাৰ ভিতৰত (যদিহে জীৱন আৰু ব্যক্তি স্বাধীনতাৰ লগত জড়িত হয়) তথ্য প্ৰদান কৰিব।
যদিহে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত লোক তথ্য বিষয়াই আবেদনকাৰীক তথ্য যোগান নধৰে, তেতিয়া আবেদনকাৰীয়ে সংশ্লিষ্ট লোক কৰ্তৃপক্ষ অন্তৰ্গত প্ৰথম আপিল কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰে। যদিহে তেওঁৰ আদেশত আবেদনকাৰী সন্তুষ্ট নহয়, তেতিয়া হলে দ্বিতীয় এখন আবেদন তথ্য আয়োগৰ ওচৰত দাখিল কৰিব পাৰিব। এইক্ষেত্ৰত যদিহে বিষয়টো ৰাজ্য চৰকাৰৰ সৈতে সম্পৰ্কীয় হয় তেতিয়া হ’লে ৰাজ্যিক তথ্য আয়োগ আৰু যদি কেন্দ্ৰীয় সৈতে সম্পৰ্কীয় হয় তেতিয়া হ’লে কেন্দ্ৰীয় তথ্য আয়োগত দাখিল কৰিব পাৰিব। লোক কৰ্তৃপক্ষ বা লোক তথ্য বিষয়া বা প্ৰথম আপিল কৰ্তৃপক্ষ পৰ্যায়ত তথ্য লাভ কৰা বা তথ্য বিচাৰি অনুৰোধ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’লে আবেদনকাৰীয়ে ৰাজ্য/কেন্দ্ৰীয় তথ্য আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰে।
1) Has the ability to discover or observe fact sheets,
 (2) has the power to take evidence by affidavit,
 3) Acquire public documents or copies thereof from any court or office.
 4) A plaintiff may be issued a notice for submission of witnesses and plaintiffs.
 5) Even if the applicant is not present in the inquiry conducted by the Information Commission, it is not valid.
 1) The following are the obligations of the public authority to comply with this decision.
 A) Information retrieval system,
 B) The Public Authority may direct to engage the Public Information Officer / Assistant Public Information Officer.
 Rules for applying for information
 The first step in requesting information under the Right to Information Act is to compile a list of relevant information as much as possible and to select the appropriate authority to hold the information.
 Request for information is to be sent either by written application or by e-mail or orally in English, Hindi or Assamese with the prescribed fee at the address of the relevant person information / assistant public matter.  The requested information is not available, in which case the subject has to accept the application and send it to the concerned authorities and inform the applicant.
 There is no need to state the reason for seeking information in the application.  The public will provide information on the subject matter within 30 days or within 48 hours of application (if life and individual freedom are involved).
 If the applicant does not provide information on the subject matter within the stipulated time, then the applicant may lodge a complaint with the first appellate authority under the concerned public authority.  If the applicant is not satisfied with his order, then a second application can be submitted to the Information Commission.  In this case, if the matter is related to the State Government, then it can be submitted to the State Information Commission and if it is related to the Central, then it can be submitted to the Central Information Commission.  The applicant may lodge a complaint with the State / Central Information Commission in case of difficulty in obtaining information or requesting information at the stage of Public Authority or Public Information or First Appellate Authority.
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article