TODAYTAK.COM

Rajya Sabha MP Ajit Kumar Bhuyan suspended for a week.

ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাক বৰ্খাস্ত একসপ্তাহৰ বাবে।

সাংসদৰ ভিতৰত প্লেকাৰ্ড প্ৰতিবাদ সাব্যস্ত কৰা সময়ত

Todaytak :- প্ৰথম বাৰ ৰাজ্য সভাৰ ‌সাংসদ হোৱা প্ৰাক্তন সাংবাদিক অজিত কুমাৰ ভূঞাক সদনৰ পৰা বৰ্খাস্ত কৰিলে অধ্যক্ষই। জানিব পৰা মতে সাংসদ অজিত কুমাৰ ভূঞাই ৰাজ্যসভাত প্ৰতিবাদ কৰা বাবে বৰ্খাস্ত হ’ল সাংসদগৰাকী। সাংসদ জনে হাতত প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেই ৭ দিনৰ বাবে সদনৰ পৰা বৰ্খাস্ত কৰা হৈছে সাংসদ অজিত ভূঞাক। ৰাজ্যৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল অজিত ভূঞা।
সদনৰ ভিতৰত প্লে’কাৰ্ড প্ৰদৰ্শন কৰিছিল সাংসদগৰাকীয়ে। বান সাহায্যৰ নামত অসমক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ললিপপ নিদিব, অসমীয়া লোকৰ সাংবিধানিক সুৰক্ষা ক’ত আৰু ৬ নং দফাৰ কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দাবীত প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল ভূঞাই। সাংসদ ভূঞাই টুইটযোগে নিজেই অহা এসপ্তাহৰ বাবে বৰ্খাস্ত হোৱা বুলি সদৰি কৰিছে। সাংসদ গৰাকী কয় যে অসমৰ বানপানীত কেন্দ্ৰীয়ৰ তৰফৰ পৰা ৰাজ্যত একো দিয়া নাই।

Exit mobile version