মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হঠাৎ দৰং জিলাৰ উচ্চ পদবীত কৰ্মৰত আৰক্ষীক নিলম্বন কৰিলে

Todaytak:- দৰঙৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে ধুলা থানাৰ অ’চিক নিলম্বন… দৰঙৰ তিনি আৰক্ষী বিষয়াৰ ওপৰত হঠাৎ মুখ্যমন্ত্ৰী কঠোৰভাৱে পদক্ষেপ ললে। জানিব পৰা মতে দৰং জিলাৰ আৰক্ষী অধীক্ষক ৰাজ মোহন ৰয়ক নিলম্বন কৰে। লগতে দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনকো কৰা হৈছে নিলম্বন কৰে। তাৰোপৰি ধুলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই ৰয়কো নিলম্বন কৰা হৈছে। জানিব পৰা মতে আদিবাসী এগৰাকী বনকৰা কণমানি ছোৱালীৰ মৃত্যু তদন্ত কৰিবলৈ খোদ মুখ্যমন্ত্ৰী নিৰ্দেশ প্ৰদান কৰিছিল দৰং জিলাৰ আৰক্ষীৰ নিলম্বন হোৱা তিনি আৰক্ষী জনক। কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো এই তিনি আৰক্ষী কেৰাপ নকৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে আদিবাসী কণমানি বনকৰা ছোৱালীজনীৰ মৃত্যুৰ তদন্ত কৰিবলৈ তাৎক্ষণিক ভাবে গঠন কৰা হৈছে এছ আই টি। ঢেকীয়াজুলিৰ দৰিদ্ৰ পৰিয়ালটোলৈ চৰকাৰী আঁচনিৰ বাসগৃহৰ লগতে আৰুণোদয় আঁচনিত আন্তৰ্ভূক্তিৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। সমগ্ৰ ঘটনা হল দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত ৰহস্যজনকভাবে ঢেকীয়াজুলিৰ প্ৰজা পথাৰ গাঁঁৱৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ মৃত্যু হৈছিল।
ঘটনা সংক্ৰান্তত আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অমান্য কৰি দৰং জিলাৰ কৃষ্ণকমল বৰুৱাক ৰক্ষণা বেক্ষণ দি থকা পোহৰলৈ আহে। উক্ত ঘটনাৰ তিনি উচ্চ পদবী দৰং জিলাৰ আৰক্ষীৰ গাফিলতি কৰা প্ৰমাণ পাই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপ লয়।