1 C
Munich
Monday, December 5, 2022

আৰক্ষীৰ প্ৰহাৰত সাংবাদিক হস্পিটালত ভৰ্তি। চিকিৎসালয়ৰ বিচনাত আৰক্ষীয়ে সাংবাদিক জনক হাতত আৰু ভৰিত অমানৱীয় ভাবে শিকলিৰে বান্ধি থয়।

Must read

আৰক্ষীয়ে সাংবাদিক গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰহাৰ কৰি শিকলিৰে বান্ধি চিকিৎসালয়ৰ বিচনাত ৰাখিলে।

Todaytak:- পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে দেশত৷ সাংবাদিক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে বিষয়াই সাংবাদিক জনক নিৰ্মলভাবে প্ৰহাৰ কৰে সাংবাদিক জনক প্ৰহাৰ কৰি চিকিৎসাৰ কাৰণে হস্পিটালত ভৰ্তি কৰাই হস্পিটালৰ বেদত সাংবাদিক জনক। আৰক্ষী ব্যৱহাৰ অতি দুখৰ জনক কিয়নো এজন সাংবাদিক গ্ৰেপ্তাৰ কৰি ভয়ানক প্ৰহাৰ কৰি শিকলিৰে বান্ধি মেডিকেলত ভৰ্তি কৰাই চিকিৎসাধীন হৈ থকা ফটো চচিয়েল মিডিয়াৰ যোগেৰে ভাইৰেল ফটো। গণতন্ত্ৰ দেশত এইবিলাক কাণ্ডই অতিকৈ দুখৰ জনক। এনেকুৱা ঘটনা বহুত কম হয় কিন্তু উড়িশাৰ মানৱ অধিকাৰ আয়োগে আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰিছে৷
সাংবাদিক ওপৰত এনেকুৱা নিৰ্মণ ভাবে শাস্তি প্ৰদান কৰা বিৰুদ্ধে উড়িশাৰ ৰাইজে ব্যাপকভাবে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে সংবাদ মাধ্যমৰ জড়িয়তে। জনতাৰ প্ৰতিবাদক ভয় কৰি চৰকাৰে তাৎক্ষণিক ভাবে প্ৰহাৰ কৰা আৰক্ষী বিষয়া পি এছ দ্ৰৌপদী দাসক জিলা আৰক্ষী মুখ্য কাৰ্যালয়লৈ স্থানান্তৰ কৰা হয়। বালাচোৰত নীলাগিৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকনাথ দালেই নামৰ সাংবাদিকজনক চিকিৎসালয়ৰ বিছনাত ভৰিত শিকলিৰে বন্দী কৰি ৰখা অৱস্থাত দেখা গৈছিল, য’ত তেওঁক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল।
এজন গৃহৰক্ষীক গালি-গালাজ আৰু আক্ৰমণ কৰাৰ ঘটনাৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে মাতি অনাৰ পিছত দালেইক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। জানিব পৰা মতে দালেই ষ্টেচনত উপস্থিত হোৱাৰ সময়ত সেই সময়ত দায়িত্বত থকা আৰক্ষী জনে প্ৰহাৰ কৰিছিল। গৃহৰক্ষী নিৰঞ্জন ৰাণাই ৪ এপ্ৰিলত নীলগিৰি আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল যে যেতিয়া দালেই তেওঁক মৌখিকভাৱে দুৰ্ব্যৱহাৰ কৰিছিল আৰু আক্ৰমণ কৰিছিল তেতিয়া তেওঁ চৰকাৰী কৰ্তব্য পালন কৰি আছিল।
ৰাণাৰ দাখিল কৰা অভিযোগৰ মতে, সাংবাদিক আটক কৰি আৰক্ষী থানাত মাৰধৰ কৰি আৰক্ষীৰ তৰফৰ চিকিৎসালয়ত ভৰ্তি কৰে আনকি মেডিকেলত সাংবাদিক জনৰ চিকিৎসালয়ৰ বিচনাত ডক্তৰে চিকিৎসা কৰি গুৰুতৰভাবে আঘাত হোৱা বুলি কোৱাৰ পিছটো আৰক্ষী ডক্তৰ কথা গুৰুত্ব নিদি সাংবাদিক জনক ভৰিত আৰু হাতত শিকলিৰে বান্ধি থয় হস্পিটালৰ বিচনাত।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article