শিৱসাগৰৰ শিৱদৌল চৌহদৰ চাফ-চিকুণৰ কাম পৰিদৰ্শন কৰোঁ বিধায়ক অখিল গগৈ

Todaytak :- আজি ঐতিহাসিক শিৱদৌল প্ৰাংগনৰ চাফ- চিকুণৰ কাম-কাজ পৰিদৰ্শনৰ বাবে শিৱদৌল চৌহদত উপস্থিত হওঁ। ঘাঁহ-বন আৰু জংঘল চফা কৰাৰ কাম চলি আছে, কিন্তু বৰ আশাপ্ৰদ নহয়। গুৱাহাটীৰ Superintending Archaeologist য়ে কাম আৰম্ভ কৰিলে বুলি জনাইছিল।কাম চলি আছে কিন্তু যিমান জোৰদাৰ গতিৰে চলিব লাগে সিমান জোৰদাৰ গতিৰে চলা নাই। কেৱল দুটা মেছিনেৰে কিছুসংখ্যক শ্ৰমিকেৰে সৈতে ঘাঁহ-বন কটাৰ কাম চলি আছে। শিৱদৌলৰ বাহিৰৰ ওপৰৰ অংশৰ শেলুৱৈ চাফা কৰি থকা হৈছে। তদুপৰি যিবিলাক ঠাইত ফাঁটিছিল, সেইবোৰো মেৰামতি কৰি থকা হৈছে। শিৱদৌল চৌহদত প্ৰায় ১ ঘন্টা সময় শ্ৰমিকসকলৰ কাম -কাজৰ বুজ লওঁ। তাৰ লগতে দেৱী দৌল আৰু বিষ্ণু দৌলৰ চৌহদ কেইটাও পৰিদৰ্শন কৰোঁ। যথেষ্ট লেতেৰা হৈ আছে। শিৱদৌল চৌহদৰ পৰাই মই ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ বিষয়াসকলৰ সৈতে ফোনযোগে কথা হওঁ। তেওঁলোকে জনাই যে চাফ-চিকুণৰ কামটোৰ tendering ইতিমধ্যেই হৈ গৈছে; অহা ১ আগষ্টৰ পৰা পূৰ্ণোদ্যমে সমগ্ৰ পুৰাতাত্ত্বিক সমলৰ চৌহদসমূহ চাফা কৰিব পৰা যাব। তেখেতসকলে মোক নিশ্চয়তা প্ৰদান কৰিছে যে ১ আগষ্টৰ পৰা পূৰ্ণোদ্যমে কাম চলিব। ক’লে যে আমাক সন্তুষ্ট কৰিব পৰাকৈ খৰতকীয়াকৈ কাম চলিব। শিৱদৌলৰ চৌহদৰ চাফ-চিকুণৰ লগতে দৌলৰ মেৰামতি আৰু চৌপাশৰ চাৰিবেৰৰ সীমাৰ মেৰামতিৰ কামো চলি আছে। আশাকৰোঁ আগষ্টৰ পহিলা তাৰিখৰ পাছত আমি অসমবাসীক ঐতিহাসিক সম্পদসমূহৰ চাফ-চিকুণ চৌহদ উপহাৰ দিব পাৰিম।