অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য সংবাদ মাধ্যমৰ বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত আৰু কি ক’লে অভিনেতা ৰবি শৰ্মাই

Todaytak:- অসমীয়া চলচ্চিত্ৰ জগত অভিনয় কৰি অসমৰ জনসাধাৰণ লাখ লাখ অনুৰাগী হৃদয়ত স্থান পাবলৈ সক্ষম হোৱা ৰবি শৰ্মা বহু দিনৰ পিছত মন্তব্য দাঙি ধৰে চৰকাৰৰ বিৰুদ্ধে। উল্লেখ্য যে অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ নোহাৱাৰ সময়ত বিজেপি দলৰ সদস্য ৰূপে যোগদান কৰিছিল। অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি দলে চৰকাৰৰ গঠন কৰিবলৈ সক্ষম হয়। পিছত ভাৰতীয় জনতা পাৰ্টি অসমত নাগৰিকত্ব গৃহীত কৰা সিদ্ধান্তত অভিনেতা জনে বিজেপি দলৰ পৰা পদত্যাগ কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। অভিনেতা জনে ৰাজনৈতিকৰ পৰা সদাই দুৰত থাকি অভিনয় জগতত ইটোৰ পিছত সিটো কাম-কাজত জড়িত হৈ আছিল। আশ্চৰ্য জনক ভাবে চৰকাৰে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। অভিনেতা জনে উক্ত বিষয়টো চৰকাৰৰ আক্ৰোচ ভাবে ষড়যন্ত্ৰৰ বাবে ১৯ বছৰীয়া বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰে।

লগতে অভিনেতা জনে কয় চৰকাৰৰ ভূল নীতিৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। মনৰ আক্ৰোশ সামাজিক মাধ্যমত শব্দেৰে প্ৰকাশ কৰি বিগত প্ৰায় দুমাহ ধৰি কাৰাবন্দী হৈ থাকিবলগীয়া হৈছে টীয়কৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে। ডিচিবি কলেজৰ মেধাৱী ছাত্ৰীগৰাকীক মুকলি কৰি দিবলৈ দাবী জনাইছে অনেকেই। সামাজিক মাধ্যমতো বিগত কিছুদিন ধৰি চৰ্চাৰ বিষয় হৈ পৰিছে বৰ্ষাশ্ৰী। বৰ্ষাশ্ৰী সন্দৰ্ভত বহুতেই প্ৰকাশ কৰিছে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া। একাংশই ১৯ বৰ্ষীয় যুৱতীগৰাকীৰ মুক্তিৰ দাবী তুলিছে, আন একাংশই আকৌ তেওঁক কাৰাবন্দী কৰি ৰখাৰ বাবে অসম আৰক্ষীক বাহ বাহ দিছে। আনপিনে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান আৰু বিশেষ সঞ্চালকপ্ৰধানৰ পৃথক পৃথক মন্তব্যক লৈও সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। প্ৰণিধানযোগ্য যে, ডিজিপি ভাস্কৰজ্যোতি মহন্তই সদৰী কৰা মতে, কোনো কবিতা লিখাৰ বাবে নহয়, বৰং আলফালৈ নিজে যাম বুলি কোৱা বাবে আৰু আনকো প্ৰৰোচিত কৰা বাবেহে গ্ৰেপ্তাৰ কৰা হৈছে বৰ্ষাশ্ৰীক। কিন্তু ইয়াৰ পিছতে টুইটাৰত এক বিপৰীত ধৰণৰ মন্তব্য কৰে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে। তেওঁ কয় যে, বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে সামাজিক মাধ্যমত কৰা ‘আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ’ শীৰ্ষক এক মন্তব্যৰ বাবেহে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। দুগৰাকী শীৰ্ষ বিষয়াৰ দুটা পৃথক মন্তব্যক লৈ সৰৱ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বৰ্ষাশ্ৰীক লৈ এইবাৰ মন্তব্য কৰিলে বিশিষ্ট অভিনেতা ৰবি শৰ্মাই। লগতে অভিনেতা জনে কয় যে আৰক্ষী ইনকাউন্টাৰ কৰিলে কিছুমানে ভাল পাইছে কিন্তু নিজৰ যদি তেনে পৰিস্থিতিৰ সন্মুখীন হ’ব তেতিয়া হে গম পাব। কংগ্ৰেছৰ বিধায়ক শিৱামণি প্ৰতিক্ৰিয়া কৰে কা গৃহীত হ’লে আলফালৈ যাব বুলি জুবিন গাৰ্গে মন্তব্য দিছিল জুবিন গাৰ্গ কিয় গ্ৰেপ্তাৰ নকৰিলে? আইন সকলোৰে সমান হ’ব লাগে। বৰ্ষাশ্ৰীৰ পৰীক্ষা আহি আছে তেওক তেনেকৈ জেলত ৰখাটো ভুল হৈছে অসম আৰক্ষীৰ।
