Kamakhya : কামাখ্যাত অম্বুবাচী মেলা চলি থকা সময়তে ৬ গৰাকী মহিলাৰ সোণ সাধুবাবাই চুৰি কৰিলে ডিঙিৰ পৰা।

Todaytak :- কামাখ্যাত বৰ্তমান অম্বুবাচী মেলা চলি আছে হাজাৰ হাজাৰ লোকে কামাখ্যাত দৰ্শন কৰিবলৈ ৰাজ্যৰ তথা ভাৰতৰ অন্য অন্য ৰাজ্যৰ লোকেও কামাখ্যা অম্বুবাচী মেলাত অংশ গ্ৰহণ কৰিবলৈ আহা পৰিলক্ষিত দেখা গৈছে। কিন্তু কামাখ্যাধামত হাহাকাৰ সৃষ্টিৰ পৰিবেশ হোৱা দেখা গৈছে। জানিব পৰামতে হাজাৰ হাজাৰ লোকৰ ভিৰৰ সুযোগ গ্ৰহণ কৰি একাংশ দুষ্টচক্ৰই মহিলাৰ ডিঙিৰ পৰা সোণ চুৰি কৰা খবৰ আহিছে। বৰ্তমানলৈ ৬ জন মহিলাৰ ডিঙিৰ পৰা সোণ চুৰি কৰা বুলি পোৱা জানিব পৰা গৈছে। (Gold chain stolen at kamakhya mandir)। কামাখ্যা ধামৰ পৰা জানিবলৈ দিয়ে যে মহিলাৰ গেং এটাই এই চুৰিকাণ্ড সংঘটিত কৰি থকাৰ সন্দেহ প্ৰকাশ কৰে।
আনহাতে, অম্বুবাচী মেলাত দৈনিক চুৰিকাণ্ড সংঘটিত হোৱাৰ প্ৰশ্ন উত্থাপন হৈ আহিছে। কিন্তু অসম আৰক্ষীয়ে এই দিশত চোকা দিষ্টি ৰখা বুলি জনাই। ইয়াৰ লগতে ভিক্ষাৰীৰ বেগত বহি থকা এজন পুৰুষৰ লগতো উদ্ধাৰ হৈছে সোণ। আৰু ৫গৰাকী মহিলাকে ধৰি এজন বাবাৰ বেশত থকা পুৰুষক ধৰিছে নিৰাপত্তাৰক্ষীয়ে। এনে কাৰ্য্যয় কামাখ্যা ধামৰ কমিটি আৰু আৰক্ষীৰ চিন্তিত হৈ পৰে দেখা গৈছে।
#https://55ccfef6xcspbp6mg1cru8bq7h.hop.clickbank.net