26.6 C
Munich
Thursday, August 11, 2022

ৰাজ্যত ২ দিন ধৰি নেৰানেপেৰা বৰষুণ বাবে সাগৰ সদৃশ পৰিৱেশ গুৱাহাটী মহানগৰ ।

Must read

গুৱাহাটীৰ বেছি অংশ এলেকা নেৰাপেৰা বৰষুণত সাগৰসদৃশ হৈ পৰে। বৰষুণৰ বাবে মহানগৰীত ভয়াৱহ ঘটনা পাহাৰৰ মাটি খহি আহি ঘৰত পৰি ৪জন শ্ৰমিকৰ মৃত্যু।

TODAYTAK:- আজি দুদিন নেৰাপেৰা বৰষুৰ বাবে গুৱাহাটী মহানগৰৰ বিভিন্ন স্থান সমূহত অকল পানী পানী। প্ৰবল বৰষুণৰ বাবে পাহাৰৰ মাটি খহি পৰিল শ্ৰমিকৰ ঘৰত। জানিব পৰা মতে শুই থকা অৱস্থাতে পাহাৰৰ মাটি খহি আহি ঘৰৰ ওপৰত পৰাৰ বাবে থিতাতে মৃত্যু হয় ৪ জন শ্ৰমিকৰ। বৰষুণৰ পানীয়েই মহানগৰৰ ৰাস্তা-ঘাট পানীৰে আবৰি ধৰিছে। আজি দুদিন ধৰি মানুহে পানীৰ বাবে যাতায়াত বন্ধ কৰি দিব লগা হৈছে। (Guwahati Flood)। কি অনিল নগৰ কি নবিন নগৰ নহয় বিভিন্ন স্থান সাগৰসদৃশ হৈ পৰে। কি ৰাজপথ, কি পদপথ সকলো একাকাকাৰ হৈ

পৰিছে কৃত্ৰিম বানৰ ফলত। বৰ্তমান মহানগৰ পথে পথে গেলা পানীৰে ভৰি পৰিছে ৰাজপথ–পদপথ সকলো। কিছু কিছু স্থানত মানুহৰ ঘৰতো সোমাইছে পানী। মহানগৰীৰ মালিগাঁৱ, জালুকবাৰী, গোটানগৰ হাতীগাঁও, কাহিলিপাৰা, জুৰোড, অনিল নগৰ, নবীন নগৰ, চানমাৰি, ৰাজগড়কে ধৰি বিভিন্ন স্থান কৃত্ৰিম বানত বুৰ গৈছে জনসাধাৰণ। কৃত্ৰিম বানৰ বাবে যাৰ ফলত স্কুলীয়া শিক্ষাৰ্থী, অফিচ–কাচাৰীলৈ যোৱা লোকসকলে যমৰ-যাতনা ভুগিবলগীয়া হৈছে। নিশা বৰষুণৰ দিলে পিছৰে পৰা কৃত্ৰিম বানৰ সৃষ্টি হয় মহানগৰীৰ ভিন্ন ভিন্ন ঠাই সমূহত।

পাহাৰৰ মাটি খহি আহি ঘৰৰ ওপৰত পৰি ৪ জনকৈ শ্ৰমিক নিমিষতে মৃত্যু হ’ল।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article