
সীমান্ত শেখৰে কয় যে মই জুবিন দাৰ বিষয়ে একো বেয়াকৈ কোৱা নাই, জুবিন গাৰ্গ হ’ল মহান শিল্পীঃ সীমান্ত শেখৰ…শনিবাৰে বিহু উদযাপন সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়ত দেখা গ’ল জুবিন গাৰ্গে সীমান্ত কথা কোৱাৰ লগে লগে সৰৱ হোৱা দেখা গ’ল।
ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক ৭ দিন বিহু উদযাপন কৰিবলৈ আহ্বন জনোৱা সন্দৰ্ভত জুবিন কয়- বিহুৰ বিষয়ে ৰাইজে সিদ্ধান্ত ল’ব। ৰাইজে ৰাতিপুৱা পাতে, দুপৰীয়া পাতে, গধুলী পাতে, এদিন পাতে সাত দিন পাতে এমাহ পাতে সেইটো অসমৰ ৰাইজৰ কথা। জুবিনে কয় মই অসমৰ শিল্পীসকলৰ বাবে কৈ আছো। যোৱা ৩ বছৰ ধৰি কোভিডৰ কাৰণে শিল্পীসকলে অনুষ্ঠান কৰিব পৰা নাই। বৰ্তমান কোভিডৰ পৰিস্থিতি ভাল হৈ আহিছে। কোভিডৰ বাবে নিৰ্বাচনৰ প্ৰচাৰ কৰি থাকিব পাৰে হাজাৰ হাজৰ মানুহৰ মাজত। জুবিনে কয় নিৰ্বাচনৰ সময়ত শিল্পী সকলে আমি কোনো মাত মতা নাই। মই শিল্পীসকলৰ প্ৰতি মাত মাতিম। এতিয়া পৰিবেশ ভাল হৈছে সকলোৰে ভাল হওক, সকলো কথাতে ৰাজনৈতিকে মাত মাতিব নালাগে। দেশখনৰ উন্নয়ন কৰক অসমৰ বাবে ভাল ভাল কাম কৰক।
আনহাতে সাংবাদিকৰ প্ৰশ্নত সীমান্ত শেখৰ সন্দৰ্ভতো মন্তব্য কৰে জুবিন গাৰ্গে।
তেওঁ কয়- সীমান্ত শেখৰ সৰু ল’ৰা। সীমান্ত শেখৰে চৰকাৰে দিয়া দায়িত্ব পালন কৰক। অদৰকাৰী কথাত মাত মাতিব নালাগে লগতে সকিয়াই দিয়ে সীমান্তই মোক ঢুকি পাবলৈ ৭টা জনম লাগিব।