27.9 C
Munich
Wednesday, August 17, 2022

গুৱাহাটী পৌৰ সভা নিৰ্বাচনৰ ভোট সাব্যস্ত কৰা দেখা আজি বিভিন্ন কেন্দ্ৰত।

Must read

ন্ত্ৰী পিয়ুজ হাজৰিকাৰ লগত কেজৰুৱাল আপ আদমি ৰাষ্ট্ৰীয় নেত্ৰী কিয় তৰ্কযুদ্ধত লিপ্ত হোৱা দেখা গ’ল।

Todaytak news :- আজি গুৱাহাটী পৌৰসভা নিৰ্বাচনৰ ভোটাৰৰ ভোট সাব্যস্ত কৰা দেখা গৈছে। আজিৰ পৰা কেইদিন মান আগত দেখা গৈছিল পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰত সকলো ৰাজনৈতিক দলসমূহে তীব্ৰতাৰে প্ৰচাৰ কৰা দেখা গৈছিল। আনকি শাসনাধীন বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীও পৌৰসভা নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰা দেখা গৈছিল। কংগ্ৰেছ দলৰ তৰফৰ পৰা ব্যাপকভাবে পৌৰসভা নিৰ্বাচনী চলাই আছিল বাকি নৰল ১০ বছৰ পূৰ্বে জন্ম লাভ কৰা কেজৰুৱালৰ নেতৃত্বাধীন আপ আদমি দলো। ভাৰত বৰ্ষত ৰাজনৈতিক দল গঠন কৰি ১০ বছৰত ২ খনকৈ ৰাজ্যত চৰকাৰৰ গঠন কৰা সহজ নহয়। কিন্তু কেজৰুৱালে দিল্লীত আপ আদমি চৰকাৰে গঠন কৰি সকীয়াভাবে উন্নয়নৰ কাম-কাজ কৰাৰ পদ্ধতি অন্য ৰাজনৈতিক দলতকৈ পৃথক। কেজৰুৱালে দিল্লীবাসীৰ বাবে ৫ বছৰত যিখিনি কাম কৰিছে অন্য দলে ৭০ বছৰটো তেনেকৈ উন্নয়নৰ কাম কৰা নাই। দিল্লীত আপ দলে নেতৃত্বত লৈ শিক্ষাৰ স্কুল নিৰ্মাণ, মেডিকেলৰ সমস্ত চিকিৎসা বিনামূলীয়া লাইনৰ বিল বিনামূলীয়া পানী বিনামূলীয়া মহিলাৰ বাছ ভাড়া বিনামূলীয়া কৰি আজিলৈকে কোনো চৰকাৰে নকৰা কাম কেজৰুৱালে ৫ বছৰত কৰি দেখাই দিছে। কেজৰুৱাৰ উন্নয়নৰ পদ্ধতি সংবাদ মাধ্যম তথা চচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছত ভাৰতৰ নাগৰিকে স্বীকাৰ কৰিব আপ আদমি চৰকাৰক শলাগ ল’বলৈ বাধ্য হৈছে।

আপ আদমি ৰাষ্ট্ৰীয় নেত্ৰী আৰু পিয়ুজ হাজৰিকা মাজত সংঘাত কিয় হ’ল গুৱাহাটী পৌৰসভা নিৰ্বাচনত

যোৱা এমাহমান আগতে পাঞ্জাৱ বিধানসভা নিৰ্বাচনৰ চলি আছিল কেজৰুৱালৰ অধীনত ভাগৱতে পাঞ্জাৱত আপ আদমি দলৰ হৈ নেতৃত্বত দিছিল। পাঞ্জাৱৰ জনতাই পুৰণি দল বিজেপি তথা কংগ্ৰেছ দলক উফৰাই আপ আদমি দলক সহাৰি দিছিল আৰু পাঞ্জাৱত আপ আদমি দলে বিপুল ভোট লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। ভাৰতৰ একাংশ ৰাজ্যৰ নাগৰিকে সকলে কেজৰুৱালে আপ আদমি দল জন্ম দিয়া আৰু কাম কৰা প্ৰক্ৰিয়া দেখি সকলো মানুহে আক্ৰিস্ত হৈ চচিয়েল মিডিয়াৰ জড়িয়তে নিৰ্বাচনত অংশ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ কৰে। উল্লেখ্য যে কেজৰুৱালৰ প্ৰতি অসমৰ বহু যুৱকে অসম আপ দল গঠন কৰি বিভিন্ন জিলাত আপ আদমি দলৰ কৰ্মী হৈ কাম-কাজ কৰি থকা পৰিলক্ষিত হৈছে। আজি গুৱাহাটী পৌৰসভা নিৰ্বাচনৰ ভোট সাব্যস্ত কৰা সময় গুৱাহাটী বহুকেইটা চেন্টাৰত পৌৰ সভাৰ ভোট কেন্দ্ৰত ভোট সাব্যস্ত কৰা দেখা গ’ল। গুৱাহাটীৰ পৌৰসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে আপ দলৰ কাৰ্যকৰ্তা সকলে আপ আদমি দলৰ ৰাষ্ট্ৰীয় নেত্ৰী এজনীক প্ৰচাৰৰ বাবে আমন্ত্ৰিত কৰিছিল। অসম আপ আদমি কাৰ্যকৰ্তা সকলৰ আমন্ত্ৰিত পত্ৰৰ সন্মান ৰাখি ৰাষ্ট্ৰীয় আপ আদমি দলৰ তৰফৰ পৌৰসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে দিল্লীৰ পৰা যোৱা বুধবাৰ দিনটোত নেত্ৰী গৰাকী অসমত উপস্থিত হৈ আপ আদমি পাৰ্টিৰ কাৰ্যকৰ্তা সকলৰ লগত অংশীদাৰ হৈ গুৱাহাটী ভৰমুখৰ পৰা এখন বিশাল ৰোডশ্ব অংশ গ্ৰহণ কৰে। অংশ গ্ৰহণ কৰি বিজেপি দলৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিৰুদ্ধে কোঠৰ সমালোচনা কৰা দেখা গ’ল। আপ আদমি পাৰ্টিৰ বাবে বিজেপিৰ কিছু কিছু ৱাৰ্ডত দলটোৰ কাৰ্যকতা লগতে প্ৰাৰ্থীসকলে হৈ পৰিছে প্ৰত্যাহ্বান স্বৰূপ। গুৱাহাটীত আপ আদমি ৰাষ্ট্ৰীয় নেত্ৰী আহি বিশাল সমদল ওলাই প্ৰচাৰ কৰাত গুৱাহাটীৰ পৌৰ নিগমৰ অন্তৰ্গত একাংশ ভোটাৰে ৰোডশ্বত অংশ গ্ৰহণ কৰা দেখা গৈছিল। সংবাদ মাধ্যম আৰু চচিয়েল মিডিয়াৰ মাধ্যমেৰে। আশ্চৰ্য কথা এই যে আপ আমদি দলৰ হৈ ৰাষ্ট্ৰীয় নেত্ৰী গৰাকী প্ৰচাৰ কৰি থকাৰ সময়ত জাপিৰ ওপৰত আপ আদমি দলৰ ঝাড়ু প্ৰতীকটোৰ ৰোডশ্বৰ সময়ত ৰাখিছিল। অসম চৰকাৰৰ মন্ত্ৰী পিয়ুজ হাজৰিকাই সংবাদ মাধ্যমৰ আগত অসমৰ জাপিক অপমান কৰা বুলি মন্তব্য কৰে লগতে মন্ত্ৰী জনে কয় আপ আমদি দলে অসমবাসীৰ ওচৰত আঠু কাঢ়ি ক্ষমা খোজক। তাৎক্ষণিক ভাবে অসম আপ আদমি দলৰ তৰফৰ পৰা সংবাদ মাধ্যমৰ যোগেৰে যোৱা কালি সন্ধিয়াৰ সময়ত অসমবাসীৰ ওচৰত কয় যে আমি ইচ্ছাকৃতভাৱে তেনেকুৱা কৰা নাছিলো আমি আমাৰ দলৰ প্ৰতিকটো ওপৰত ৰাখি ৰাইজক ঝাড়ুত ভোট দিবলৈ আহ্বান কৰিছিলোঁ। কিন্তু বিজেপি দলে সেইটো ষড়যন্ত্ৰ কৰি আবেগিক ৰাজনৈতিক কৰিব বিচাৰিছে। আপ আদমি দলে তেনেকুৱা ইচ্ছাকৃতভাৱে কৰা নাই যদি অসমবাসীয়ে ৰাইজে দুষ পাইছে তেনেহলে আমাৰ দলৰ পৰা অসমবাসীক ক্ষমা মাগিলো। লগতে আপ আদমি তৰফৰ পৰা মন্ত্ৰী পিয়ুজ হাজৰিকা লৈ প্ৰশ্ন আজি কেইবছৰমান আগত বিজেপি চৰকাৰৰ দায়িত্বপূৰ্ণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে শুভ উদ্ধোধনৰ সময়ত অসমীয়াৰ স্বাভিৱান অসমৰ গৌৰৱ অসমীয়াৰ শিপিনী সকলে হাতেৰে নিৰ্মাণ কৰা গামোচা এখনত ভৰিৰ তলত ৰাখি উদ্ধোধনী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা দেখা গৈছিল তেতিয়া পিয়ুজ হাজৰিকাই কিয় মনে মনে আছিল অসমীয়াৰ স্বাভিমান নহয় নেকি গামোচা বুলি পিয়ুজক উত্তৰ দিবলৈ কয়। বৰ্তমানলৈ পিয়ুজৰ তৰফৰ পৰা কোনো ধৰণৰ মন্তব্য অহা নাই।

মন্ত্ৰী পিয়ুজ হাজৰিকা
আপ আদমি দলৰ প্ৰশ্ন মন্ত্ৰী পিয়ুজ হাজৰিকালৈ এয়াই অসমীয়াৰ স্বাভিমানক অপমান কৰা নাই জানো
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article