
বাইহাটা চাৰিআলিৰ মুক্তাপুৰ গাৱৰ নিবাসী সঞ্জীৱ শৰ্মাক আৰু ধনজিৎ দাসক বুকুত গুলীয়াই মৃত্যুদণ্ড বিহা বুলি নিশ্চিত কৰে আলফা অধ্যক্ষ পৰেশ বৰুৱা

Todaytak news :- বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মুক্তাপুৰ গাৱৰ নিবাসী সঞ্জীৱ শৰ্মাৰ আজি কেইদিনমান আগতে আলফা প্ৰচাৰ বিভাগৰ তৰফৰ পৰা ভিডিঅ’ প্ৰেৰণ কৰিছিল অসমৰ সংবাদ মাধ্যমলৈ। উক্ত ভিডিঅ’ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত ৰাজ্যজুৰি ব্যাপক ভাবে প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছিল। উক্ত ভিডিঅ’টোত সঞ্জীৱ শৰ্মাই স্পষ্টকৈ কৈছিল যে, আৰক্ষী বিভাগত কৰ্মৰত প্ৰাৰ্থপ্ৰতিম মহন্ত আৰু এজন সৈনিকৰ মতে আলফাত যোগদান কৰি আলফা সংগঠনটোক ধ্বংস কৰাৰ বাবে আৰক্ষীৰ হৈ আলফাত চোৰাংচোৱা কৰিবলৈ আহিছিলো। উক্ত ঘটনাটোৰ বিষয়ে যোৱাকালি ৰাতিপুৱাৰ সময়ত আলফা স্বাধীনে জনাই সংবাদ মাধ্যমক সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাস ওৰফে ৰূপক আৰক্ষীৰ হৈ চোৰাংচোৱা কৰাৰ বাবে শাস্তি মৃত্যুদণ্ড বিহিলে আলফা স্বাধীন তৰফৰ পৰা। উক্ত দুজন ব্যক্তিৰ মৃত্যুদণ্ড হোৱা বুলি সংবাদ মাধ্যম তথা বাতৰি কাকত প্ৰচাৰ হোৱাৰ পিছত ৰাজ্যখনত ব্যাপকভাবে প্ৰতিক্ৰিয়া হয়। দুয়োজন ব্যক্তিৰ পৰিয়ালে কান্দোনত ভাগি পৰা দেখা ও যায়। মোৰ ল’ৰাটোক মাৰি পেলাব নালাগিছিল, দেউতাকে বহুত কষ্ট কৰি তাক ডাঙৰ কৰিছিল সঞ্জীৱ শৰ্মাৰ মাতৃ সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়ে। আলফাৰ এই সিদ্ধান্তৰ খবৰৰ পিছতে হাহাকাৰ লাগিছে সঞ্জীৱ আৰু ধনজিতৰ পৰিয়ালৰ মাজত। কোনোবাই নিজৰ সন্তান আৰু কোনোবাই নিজৰ স্বামীক হেৰুৱাই হিয়াধাকুৰি কান্দিছে।
মাতৃয়ে কান্দি কান্দি কেমেৰাৰ আগত কয়- আলফাই মোৰ ল’ৰাটো মাৰি পেলালে। মোৰ ল’ৰাটোক মাৰি পেলাব নালাগিছিল। আপোনালোকে কিয় এনে সিদ্ধান্ত ল’লে। তেওঁ কয়- পিতাকে বহুত কষ্ট কৰি ল’ৰাটো ডাঙৰ কৰিছিল। কিন্তু নুবুজা কাৰণে ঘৰখনৰ পৰা সি ওলাই গ’ল। আপোনালোকে ইমান ভুল কৰিব নালাগিছিল। অনন্ত কেইটামান দিন ৰাখিব লাগিছি। দেউতাকে বাহিৰলৈ ওলাই গৈছে হাজিৰা কৰিবলৈ। দেউতাকে গম পালে কি অৱস্থা হ’ব। আহিনত তাৰ জন্মদিন আছিলে। তেওঁ আৰু কয়- পৰেশ বৰুৱাক বাৰে বাৰে অনুৰোধ কৰিছিলো। তেওঁ বুজিবলৈ চেষ্টা নকৰিলে। ইপিনে এই খবৰ লাভ কৰি সঞ্জীৱৰ পিতৃয়ে কয়- পৰেশ বৰুৱা ভগৱান নহয়।

আলফা স্বাধীনে ‘মোৰ পুত্ৰক মৃত্যুদণ্ড দিয়াৰ বাবে সঞ্জীৱৰ দেউতাকে দুখত ভাঙি পৰে ভগৱানৰ নাম লৈ আলফাৰ মুৰব্বী পৰেশ বৰুৱা আৰু পাৰ্থপ্ৰতিম মহন্তক দুয়োগৰাকীকে অভিশাপ দিয়ে। তেওঁলোকৰো এদিন এনেকৈ ল’ৰা মৰিব বুলি। পেটৰ ভোকৰ বাবেহে গৈছিল আলফা নিশ্চিত হ’ল সেই খবৰ! পুৱা ৮ বজাতে গুলীয়াই হত্যা কৰা হ’ল দুই যুৱকক…। উক্ত ঘটনাটোৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া দিয়াৰ পিছতে আলফা স্বাধীন মুৰব্বী কিছুসময়ৰ পিছতে আলফা স্বাধীন পৰেশ বৰুৱাই অৱশেষত নিশ্চিত উক্ত দুটা ল’ৰাক মৃত্যুদণ্ড দিয়া হয় বুলি নিশ্চিত কৰে। গুলীয়াই হত্যা কৰা হয় দুই যুৱক ধনজিত আৰু সঞ্জীৱক। একোটাকৈ গুলীয়ে বুকু ভেদি যায় সঞ্জীৱ আৰু ধনজিতৰ। আনুষ্ঠানিক ভাৱে এই কথা সদৰি কৰিছে পৰেশ বৰুৱাই। পৰেশ বৰুৱা সন্ধিয়া সংবাদ মাধ্যমৰ আগত ফোন যোগে উক্ত দুয়োজন ব্যক্তিৰ কথা কয় দুয়োজনে যিখাব বিচাৰিছে সেই সকলোবোৰ বস্তু দুয়োজনকে খাবলৈ দিয়া হৈছে।
