
আত্মনিৰ্ভৰ অসমৰ লক্ষ্য পশুধন নিগমৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন।

Todaytak news :- আত্মনিৰ্ভৰ অসম লক্ষ্যৰে আৰু অসমৰ যুৱক-যুৱতীসলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে অসম পশু ধন নিগমে যোৱা ২৬ এপ্ৰিলৰ পৰা আৰম্ভ কৰা গাহৰি, ছাগলী আৰু হাহ-কুকুৰা পালনৰ দুদিনীয়া প্ৰশিক্ষণ শিবিৰ আজি সামৰণি পৰে। ৰাজ্যৰ তিনি শতাধিক নিবনুৱাৰ লগতে অৰুণাচল প্ৰদেশৰ যুৱক-যুৱতীয়েও এই প্ৰশিক্ষণত অংশ গ্ৰহণ কৰে। বিজ্ঞানসন্মত ভাবে পশু পালন বৃত্তিৰ লগত জড়িত হৈ আৰু চৰকাৰী সুয়োগ গ্ৰহণ কৰি কিদৰে স্বাৱলম্বী হব পাৰি এই বিষয়ত এই শিবিৰত প্ৰশিক্ষণ দিয়া হয়। শিবিৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰি নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে ৰাজ্যখনৰ অৰ্থনৈতিকভাবে স্বাৱলম্বী কৰিবলৈ হলে পশুপালন বৃত্তি হৈছে এক উপযুক্ত মাধ্যম। নিজকে স্বাৱলম্বী কৰাৰ লগতে ৰাজ্যখনৰ আত্মনিৰ্ভৰশীল কৰিবলৈ যুৱক-যুৱতি এইক্ষেত্ৰখনত নিৰ্বাচন কৰা উচিত। যিকোনো পাম খোলাৰ পূৰ্বে প্ৰশিক্ষণ অতি জৰুৰী বুলি উল্লেখ কৰি নিগমে ধাৰাবাহিক ভাৱে এনে প্ৰশিক্ষণৰ ব্যৱস্থা কৰি যাব বুলিও তেওঁ ঘোষণা কৰে। ৰাজ্যখনত কণী, গাখীৰ, হাহ-কুকুৰা, ছাগলী, গাহৰিৰ মাংখৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ বজাৰ দখলৰ প্ৰতিযোগিতা আগবাঢ়ি আহিবলৈ যুৱ প্ৰজন্ম তেওঁক আহ্বান জনায়। নিগমৰ উপধ্যক্ষক পৰেশ বৰকাকতি, পৰিচালন, সঞ্চালক দীপালি দেৱী , প্ৰশাসনিয় বিষয়া ড: পূৰ্ণানন্দ কোৱৰ প্ৰমুখ্যে বিষয়া সকলো উপস্থিত থাকে।
