24.4 C
Munich
Thursday, August 11, 2022

হোলীৰ আনন্দৰ মাজতে আৰক্ষী জোৱানৰ গাড়ীৰ নিয়ন্ত্ৰণ হেৰাই দূৰ্ঘটনাত জোৱানৰ মৃত্যু

Must read

ভাৰতত হোলীৰ আনন্দৰ মাজতে অতিকৈ দুষ লগা দুৰ্ঘটনা

যোৱাকালিৰ পৰা সমগ্ৰ দেশতে হোলীৰ আনন্দৰ মাজতে অঘটন। মানকাচাৰৰ ভাৰত-বাংলা সীমান্তত দুৰ্ঘটনাত পতিত BSFৰ বাহন। দুৰ্ঘটনাত ফলত কৰুণ মৃত্যুক সাৱটিলে দুজন সৈনিক জোৱানে। জোৱান সকলে সীমান্তত পেট্ৰলিং দিউতি কৰি থকা অৱস্থাত তেনে সময়তে বি এছ এফৰ এখন জিপচি বাহন সীমান্তৰ ঝাওডাংগা অঞ্চলত জিপছি বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন বিলত পৰি যায়। লগে লগে তিনিজন জোৱান সুৰক্ষিত ভাৱে কোনো মতে ওলাই আহে যদিও দুজন জোৱান বিলত আৱদ্ধ হৈ পৰে।
দুৰ্ঘটনাত পতিত হোৱাৰ সময়ত জিপছি গাড়ীখনত চালকসহ পাঁচজন জোৱান আছিল। লগে লগে বি এছ এফৰ শীৰ্ষ বিষয়া, আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ দল, এছ ডি আৰ এফ বাহিনী, স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। যদিও অৱশেষত বিয়লি প্ৰায় ৩ বজাত ধৰ্মেন্দৰ নামৰ বি এছ এফ জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। কিন্তু জিপছি খন নিয়ন্ত্ৰণ হেৰুৱাই বিলত দুৰ্ঘটনা হোৱা জোৱান সকলৰ মাজৰ আৰু এজন জোৱানক এতিয়ালৈ উদ্ধাৰ কৰিব পৰা নাই। জোৱানক সকলে তীব্ৰগতিত অভিযান চলাই আছে জানিব পৰা গৈছে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article