26.6 C
Munich
Thursday, August 11, 2022

বিধায়কৰ ঘৰ খালী কৰিবলৈ নিৰ্দেশ অধ্যক্ষৰ ঘৰৰ নামত মাহত ৫০ হাজাৰকৈ বিধায়ক দিয়া হ’ব বুলি জাননী জাৰী কৰে বিধানসভাৰ অধ্যক্ষয়।

Must read

বিধানসভাৰ অধ্যক্ষয় জাননী জাৰী কৰিলে বিধায়ক সকলক সময়তসূচী বান্ধি দিলে একসপ্তাহৰ ভিতৰত ঘৰৰ সমূহ খালী কৰিবলৈ

Todaytak news :- বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী নতুন ঘোষণা বিধায়ক সকলৰ বাবে। অধ্যক্ষ গৰাকী এসপ্তাহৰ সময় নিধাৰণ কৰি দিলে ৰাজ্যৰ বিধায়ক সকলক সাত দিনৰ ভিতৰত চৰকাৰী আৱাস সমূহ খালী কৰিবলৈ নিৰ্দেশ দিয়ে বিশ্বজিৎ দৈমাৰী। সকলো বিধায়ক সকলক ঘৰৰ ভাড়াৰ নামাত মাহিলী ৫০ হাজাৰ টকা চৰকাৰৰ পৰা দিয়া হ’ব বুলি দৈমাৰী জানিবলৈ দিয়ে। ইতিমধ্যে বিধায়ক আৱাস খালী কৰিবলৈ জাননী জাৰি কৰা হৈছে।
উল্লেখ্য যে, যোৱাকালিৰ পৰা বিধায়ক আৱাসৰ অসম আৰ্হিৰ ঘৰসমূহ ভাঙি পেলোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছিল যদিও পুনৰ এসপ্তাহ অপেক্ষা কৰিব বিধানসভা সচিবালয়ে। বিধায়কসকলে বিধায়কৰ আৱাস খালী কৰাৰ পিছত ঘৰভাড়াৰ নামত প্ৰতিমাহে লাভ কৰিব ৫০ হাজাৰ টকাকৈ। ইফালে বিধায়ক আৱাসৰ অসম আৰ্হিৰ ঘৰসমূহ ভাঙি পেলোৱাৰ পিছত সেই স্থানত নিৰ্মাণ কৰা হ’ব ১০ মহলীয়া অট্টালিকা। অহা ছেপ্টেম্বৰ মাহৰ পৰা তিনিটা অট্টালিকা নিৰ্মাণৰ কাম আৰম্ভ কৰি ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লৈছে বিধানসভা সচিবালয়ে। বিশ্বজিৎ দৈমাৰী সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে নিৰ্মাণ কৰিবলগীয়া দুটা বিল্ডিং বিধায়ক সকলে পাব। আৰু এটা বিল্ডিং কৰ্মচাৰী সকলৰ বাবে হস্তান্তৰ কৰা হ’ব। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী বিধায়ক সকলক একসপ্তাহ সময়সূচী বান্ধি দিলে ঘৰৰ সমূহ খালী কৰি দিবলৈ।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article