
এখন ট্ৰাকে অসম আৰক্ষীত যোগদানৰ সপোন চূৰ্ণ বিচূৰ্ণ হৈ গ’ল পাচ জনকৈ যুৱকৰ

Todaytak news:- অসম আৰক্ষীৰ পদত নিযুক্তি হ’বৰ বাবে ৰাতিপুৱাই শুই উঠি শৰীৰ চৰ্চাৰ বাবে ওলাই আহে এই কেইজন যুৱ প্ৰজন্মই। অসম আৰক্ষীত যোগদান কৰি অসমৰ সেৱা কৰাৰ আগ্ৰহৰে দৌৰিবলৈ আহে। এই কেইজন উদয়মান যুৱকৰ সপোন বিলাক সপোন হৈ ৰল নিমিষতে নিমিষতে হৈ পৰিল চূৰ্ণ বিচূৰ্ণ। পুৱাই দৌৰিবৰ বাবে আৰম্ভ কৰি এই নতুন প্ৰজন্ম যুৱক কেইজনে নিজৰ দৌৰাৰ স্মৃতিৰ বাবে এটা ফটো তুলি ভেচবুকত আপলোড দিয়া দেখা গৈছিল। উল্লেখ্য যে দৌৰি থকাৰ সময়ত এখন ট্ৰাকে অনিয়ন্ত্ৰিত হৈ ট্ৰাক খনে দৌৰিবলৈ অহা পাচ জন যুৱক মোহটাই খুন্দা মাৰে। যোৱা মঙ্গলবাৰে পুৱাৰ সময়ত দৌৰিবলৈ যোৱাৰ সময়ত এই দূৰ্ঘটনাত হয়। এই সকল লোকে নিজৰ লক্ষ্যত সফল হ’বলৈ পৰিশ্ৰম কৰিবলৈ ওলাই আহে। এখন ট্ৰাকে এই যুৱক কেইটাক সপোন বিলাক থান-বাদ কৰি পেলাই।

নিহত সকলক ক্ৰমে- সংগীতা দেৱী, জয়মতী বৰুৱা, জিণ্টুমণি আহমেদ, ইমদাদুল হক আৰু ৰেকিব আলী বুলি চিনাক্ত কৰা হৈছে। এই মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ছিপাঝাৰবাসীৰ লগতে ৰাজ্যজুৰি শোকবিহ্বল কৰি তুলিছে। জানিব পৰা মতে, অসম আৰক্ষীৰ বাবে অনুশীলন কৰি আছিল তিনি বন্ধু জিন্টুমণি, ইমদাদুল আৰু ৰেকিবে। তিনিওজন বন্ধুৱেই আছিল এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ্থী। পুৱা তেওঁলোকে দৌৰিবলৈ ওলাই গৈছিল একেলগে। কিন্তু ঘৰলৈ উভতি অহাৰ পথতে ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱায় একেলগে তিনি বন্ধুৱে। ইফালে এই শোকৰ খবৰ লাভ কৰাৰ পিছতে কান্দোনৰ ৰোল উঠিছে নিহত সকলৰ পৰিয়ালত।