17.3 C
Munich
Wednesday, August 10, 2022

দিনক দিনে জাপৰিগোগৰ হত্যাকাণ্ডৰ নতুন মুৰ

Must read

জাপৰিগোগৰ ঘৰৰ মালিকক হত্যাকাণ্ডৰ সন্দৰ্ভ হত্যাকাৰী ধৰণী ডেকাৰ পুত্ৰৰ বিস্ফোৰক মন্তব্য

Todaytak news :- কেইদিনমান আগত হৈ যোৱা জাপৰিগোগ হত্যাকাণ্ডৰ দিনকে দিনে ন ন ৰহস্য ওলাই আছে। জাপৰিগোগৰ ঘটনাৰ নতুন মুৰ লৈছে ধৰণী ডেকাৰ পুত্ৰৰ তৰফৰ পৰা মহা বিস্ফোৰণ। সংবাদ মাধ্যমৰ আগত হত্যাকাণ্ড সন্দৰ্ভত অতিকৈ ভয়ানক স্বীকাৰোক্তি দিছিল ধৰণী ডেকাই। হত্যাকাণ্ডত অভিযুক্ত হোৱা ধৰণী ডেকাৰ পুত্ৰই আৰক্ষীৰ আগত বহু নজনা কথা ব্যক্ত কৰিলে। আৰক্ষীৰ জিম্মাত থকা ধৰণী ডেকা আৰু ৰিমি ডেকাৰ পুত্ৰ কয় যে, উক্ত হত্যাকাণ্ড সংঘটিত হৈ থকাৰ সময়ত মই বিচনাত শুই আছিলো ”দেউতাই মোৰ বিচনাত আহি মোক জগাই কৈছিলে ‘বুঢ়াক মাৰি দিলো।

পুত্ৰই কেমেৰাৰ সন্মুখত কয় যে মোৰ মাক বলৎকাৰ কৰা বুলি দেউতাই মোক কয়। পুত্ৰ লগতে কয় যে মোক ৰিক্সাত উঠাই দেউতাই গণেশগুৰিলৈ যাবলৈ কৈছিল। তাৰ পিছত বিশালৰ সন্মুখত দেউতাই মোক ২ হাজাৰ টকা দি স্কুলৰ পৰা ভাইটিক আনি মাহীৰ ঘৰলৈ ভাইটিক নিবলৈ কয়। স্কুলৰ পৰা মাহীৰ ঘৰত ভাইটিক থৈ মাহীৰ পৰা ৫০০টকা লৈ মই আদাবাৰীৰ মামাৰ ঘৰলৈ আহো। আদাবাৰীৰ মামাৰ ঘৰৰ পৰা নলবাৰী গাঁওৰ ঘৰলৈ যাও। আৰক্ষীয়ে মোক মাতি পঠিওৱাত মই দিছপুৰ আৰক্ষী থানাত হাজিৰ হৈছো। হত্যাকাণ্ড হোৱা ঘৰৰ মালিক হেমধৰ বৰুৱাই ঘৰ এৰি দিবলৈ আমাক কৈছিলে। কিন্তু ঘৰৰ স্বত্বাধিকাৰী হেমধৰ বৰুৱাৰ লগত আমাৰ কেতিয়াও কাজিয়া-পাতি হোৱা নাছিল। ” হত্যাকাণ্ডৰ সন্দৰ্ভত যিমানে দিন গৈ আছে প্ৰত্যেক দিনাই ন ন ৰহস্যৰ কথা ওলাই আছে। ভাৰতীয় হিচাপে থকা ধৰণী ডেকাই দাবী কৰিছে যে, তেওঁৱেই হত্যা কৰিলে ঘৰৰ মালিক হেমধৰ বৰুৱাক। ধৰণী ডেকাই আৰক্ষীক কয় যে মোৰ পত্নীক ধৰণী ডেকাই বেয়া দৃষ্টিৰে চোৱা বুলি দাবী কৰিছে। উল্লেখ্য যে এই কথা অস্বীকাৰ কৰি হেমধৰ বৰুৱাৰ পুত্ৰইয়ো ধৰণী ডেকা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত হত্যাকাণ্ডত অভিযুক্ত ধৰণী ডেকাৰ পুত্ৰক সোধ পোচৰ বাবে দিছপুৰ থানাত মাতি পঠিয়াই। ধৰণী ডেকাৰ পুত্ৰৰ দিশপুৰ আৰক্ষী থানাত হাজিৰ হয়। আৰক্ষীৰ জিম্মাত থকা ধৰণী ডেকা আৰু  ৰিমি ডেকাক আদালতত হাজিৰ কৰোৱা হয় আজি পুনৰ আৰক্ষী তৰফৰ পৰা।

হত্যাকাৰী ধৰণী ডেকা আৰু পত্নী
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article