
অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ এণ্ড্ৰু চাইমণ্ডছৰ নিজৰ বাহনেৰে দুৰ্ঘটনাত মৃত্যু

Todaytak news :- অষ্ট্ৰেলিয়া তথা সমগ্ৰ বিশ্ববাসীৰ নিজৰ প্ৰতিভাৰে মন জিকিবলৈ সক্ষম হৈছিল এণ্ড্ৰু চাইমণ্ডছৰ। যোৱা শনিবাৰে নিশা অষ্ট্ৰেলিয়া এখন ৰাজ্যৰ টাউনছভিলৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগত নিজৰ বাহনেৰে গৈ থাকোঁতে এক পথ দুৰ্ঘটনাত হয়। উক্ত ঘটনাটোৰ কিছু সময়ৰ পিছতে অষ্ট্ৰেলিয়া প্ৰাক্তন অলৰাউণ্ডাৰ ক্ৰিকেটাৰ এণ্ড্ৰু চাইমণ্ডছৰ (৪৬) বছৰ বয়সত মৃত্যু হয়। অষ্ট্ৰেলিয়া দেশৰ কুইন্সলেণ্ড আৰক্ষীয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, হাৰ্ভি ৰেঞ্জ ৰোডত একক পথ দুৰ্ঘটনা সংঘটিত হয়। নিশা ১১ মান বজাত এখন ব্যক্তিগত বাহন এলিছ ৰিভাৰ ব্ৰীজৰ ওচৰত হাৰ্ভি ৰেঞ্জ ৰোডত দুৰ্ঘটনাত পতিত হয় য’ত এণ্ড্ৰু চাইমণ্ডছৰ মৃত্যু হয়। উক্ত ঘটনাটোৰ খবৰ লাভ কৰাৰ পিছত অষ্ট্ৰেলিয়াৰ আৰক্ষী সকলে জৰুৰীকালীন সেৱা ব্যৱস্থা কৰি হস্পিটালৈ নিয়াৰ ব্যৱস্থা কৰে যদিও ডক্তৰে মৃত্যু হোৱা বুলি আমাক জানিবলৈ দিয়ে।

উক্ত ঘটনাই অষ্ট্ৰেলিয়া তথা সমগ্ৰ বিশ্বৰে ক্ৰিকেট অনুৰাগীসকলৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।
উল্লেখ্য যে অষ্ট্ৰেলিয়া প্ৰাক্তন ক্ৰিকেটাৰ ছাইমণ্ডছে ১৯৯৮ চনৰ পৰা ২০০৯ চনৰ ভিতৰত অষ্ট্ৰেলিয়াৰ হৈ ২৬ খন টেষ্ট, ১৯৮ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল আৰু ১৪ খন টি-২০ খেল খেলিছিল। উক্ত খেল সমূহত নিজৰ প্ৰতিভাৰে অষ্ট্ৰেলিয়াক বহু কেইখন মেচত জয়ী কৰিবলৈ সক্ষম হৈছিল।