
ড্ৰাগছ ব্যৱসায়ীক মুৰৰ কামুৰণি হৈ পৰা আনন্দ মিশ্ৰাই কিয় সংবাদ মাধ্যমৰ আগত ক্ষমা খুজিলে


Todaytak news :- কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে অসম আৰক্ষীক ৰাষ্ট্ৰপতি নিচান আনুষ্ঠানিক ভাবে প্ৰদান কৰা প্ৰাক মুহূৰ্তত আৰক্ষীৰ ‘ৰাইড অব প্ৰাইড’ শীৰ্ষক মটৰ চাইকেল ৰেলী অনুষ্ঠান কৰে। উক্ত ৰেলীত নেতৃত্বত দিয়ে আই পি এচ আনন্দ মিশ্ৰাৰ লগত একাংশ আৰক্ষী। আনন্দ মিশ্ৰা আৰু আৰক্ষী বাহিনীৰ লগত গহপুৰ বৰ পুখুৰী পাৰৰ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ ছহিদ স্মাৰকত উপস্থিত হৈছিল। আৰক্ষী বিষয়াগৰাকীয়ে ছহিদ বেদীত বুটজোতা পিন্ধি থিয় হয়। “ৰাইড অব প্ৰাইড”ত অংশ গ্ৰহণ কৰা আই পি এচ আনন্দ মিশ্ৰা আৰু তেওঁৰ লগত সহযোগী হিচাপে থকা সকলো আৰক্ষী সকলে ছহিদ বেডীত জোতা পিন্ধি উঠা কাৰ্যাত একাংশ লোকে ছহিদ বেদীক অপমান কৰা বুলি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া কৰা পৰিলক্ষিত হৈছে। আই পি এচ বিষয়াগৰাকীয়ে স্বাধীনতা আন্দোলনৰ দুয়োজন ব্যক্তিক এই দৰে জোটা পিন্ধি ফটো তুলি অপমান কৰা কাৰ্যটো অতিকৈ নিন্দা কৰিছে বিভিন্ন দল সংগঠন তথা ৰাইজে। উল্লেখযোগ্য যে ৰাজ্যৰ আৰক্ষী সঞ্চালক ভাস্কৰজ্যোতি মহন্তই অসম আৰক্ষীৰ এই “ৰাইড অব প্ৰাইড”ৰ শুভৰম্ভ কৰিছিল ধুবুৰী জিলাত। এই বাইক ৰেলীৰ নেতৃত্বত প্ৰদান কৰিছিল আই পি এচ আনন্দ মিশ্ৰাই। আনন্দ মিশ্ৰাই গহপুৰত উপস্থিত হয় আৰু তেওঁৰ লগত “ৰাইড অব প্ৰাইড” অংশগ্ৰহণ কৰা একাংশ আৰক্ষী সমূহ গহপুৰ থানাত কিছু সময় জিৰণি লয়। গহপুৰ থানাৰ অন্তৰ্গত বৰপুখুৰীস্থিত ছহিদ কনকলতা আৰু মকুন্দ কাকতি উদ্যানত উপস্থিত হৈছিল। স্বহীদ প্ৰতিমূৰ্তিত আনন্দ মিশ্ৰা আৰু তেওঁৰ সহযোগীসকলে জোটা পিন্ধি উক্ত ছহিদ মহান ব্যক্তি সকলে পোচ দি ফটো উঠে। উক্ত ঘটনাটোৰ ছহিদ কনকলতা বৰুৱাৰ ভতিজাকে। ভতিজাকে কয় যে ছহিদ প্ৰতিমূৰ্তিত আই পি এচ তথা আৰক্ষী সকলোৰ জোতা পিন্ধি ফটো উঠাটো গৰিহণা যোগ্য। বিষয়টোক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত আই পি এচ আনন্দ মিশ্ৰাই তাৎক্ষণিক ভাবে সংবাদ মাধ্যমৰ আগত আহি উক্ত ঘটনাটোৰ অজ্ঞাতাৰ এই ঘটনা সংঘটি হোৱা বুলি প্ৰকাশ কৰে। উক্ত ঘটনাটোৰ বাবে আই পি এচ গৰাকী ক্ষমা খোজে।