9 C
Munich
Sunday, September 25, 2022

আন্দোলনৰ নেতৃত্ব দিয়া অসমকন্যা দেৱাংগনা কলিতাৰ জামিন বাহাল ৰখাৰ ক্ষেত্ৰত ৰায় প্ৰদান উচ্চতম ন্যায়ালয়ৰ।

Must read

আন্দোলনৰ নেতৃত্ব দিয়া অসমকন্যা দেৱাংগনা কলিতাৰ জামিন বাহাল ৰখাৰ ক্ষেত্ৰত ৰায় প্ৰদান উচ্চতম ন্যায়ালয়ৰ।

Todaytak:- উল্লেখ্য যে ২০২০ বৰ্ষত নাগৰিকত্ব সংশোধনী আইন’১৯ ৰ বিৰুদ্ধে উত্তৰ দিল্লীত হোৱা কা- বিৰোধী আন্দোলনৰ নেতৃত্ব দিছিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী, অসমকন্যা দেৱাংগনা কলিতাই। পিঞ্জৰা তৌৰ নামেৰে নামাংকিত আন্দোলনটোৰ জৰিয়তে কা-আইন বাতিলৰ স্বাৰ্থত তেওঁ সজোৰে প্ৰতিবাদ কৰিছিল ৷ ফলত চৰকাৰৰ দমননীতিৰ ৰোষত পৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত তেওঁ গ্ৰেপ্তাৰ হৈছিল। পাছত ২০২১ বৰ্ষৰ ১৫ জুনত দিল্লী উচ্চ ন্যায়ালয়ে দেৱাংগনাৰ জামিন মঞ্জুৰ কৰি ৰায় প্ৰদান কৰিছিল ৷ পাছে,দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টী চৰকাৰে এই জামিনৰ বিৰোধিতা কৰি প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল । আপ চৰকাৰৰ প্ৰত্যাহ্বান আছিল- দেৱাংগনা কলিতা এগৰাকী প্ৰভাৱশালী ব্যক্তি আৰু তেখেতে এই গোচৰৰ সতে জড়িত প্ৰমাণ আৰু সাক্ষীক প্ৰভাৱিত কৰিব পাৰে। পাছে আজি উচ্চতম ন্যায়ালয়ে আম আদমী পাৰ্টী চৰকাৰৰ এই প্ৰত্যাহ্বান তথা যুক্তিক নস্যাৎ কৰে ৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মহামহিম অশোক ভূষণদেৱৰ এজনীয়া বিচাৰপীঠে আপ চৰকাৰক প্ৰত্যুত্তৰ দিয়ে যে এগৰাকী ছাত্ৰী হিচাপে দেৱাংগনা কলিতা সিমানো প্ৰভাৱশালী ব্যক্তি নহয় যে তেখেতৰ জামিন স্থগিত কৰিব পাৰি, দিল্লী উচ্চ ন্যায়লয়ৰ ৰায়ত সেয়েহে কোনোধৰণৰ অস্বাভাৱিকতা নাই ৷ লগতে উচ্চতম ন্যায়ালয়ে আপ চৰকাৰক তেওঁলোকে দেৱাংগনাৰ বিৰুদ্ধে কোৱা সাক্ষীক প্ৰভাৱিত কৰিব বোলা যুক্তিক খণ্ডন কৰি কয় যে উক্ত আন্দোলনস্থলিৰ অধিকাংশ সাক্ষীয়েই হৈছে তাত মোতায়েন কৰা আৰক্ষীসকল আৰু তেওঁলোক সুৰক্ষিত ৷ ইয়াত এগৰাকী ছাত্ৰীয়ে সাক্ষীক প্ৰভাৱিত কৰাৰ দৰে কোনো প্ৰসংগ নাহে ৷

অৰৱিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে কা-আইনৰ ক্ষেত্ৰত লোৱা এনে স্থিতিয়ে এটা কথা স্পষ্ট কৰে যে, আইনখন বলৱৎ হোৱাৰ ক্ষেত্ৰত তেওঁলোক সমৰ্পিত তথা সমৰ্থিত।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article