
Todaytak :- আৰক্ষী জোৱান এজনে পুনৰ চৰম পথ বাছি লোৱাৰ আৰৰ ৰহস্য কি? মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বেৰেকত দেওবাৰে পিষ্টলেৰে নিজৰ মূৰত গুলীয়াই গৃহৰক্ষী জােৱান ৰণ্টু মেধিয়ে। আৰক্ষী জোৱান জনৰ ঘৰ মৰিগাঁও জিলাৰ কাঁহিবাৰী গাঁৱত আছিল বুলি জানিব পৰা গৈছ আৰক্ষীৰ মহলৰ তৰফৰ পৰা। আৰক্ষী জনে এনেকুৱা মৰ্মাহত ঘটনা কিয় কৰিলে সেইটো এতিয়ালৈ জানিব পৰা নাই। ব্যক্তিগত সমস্যাৰ সৈতে যুঁজি থকাৰ বাবেই জোৱানজনে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা বুলি চৰ্চা হোৱা পৰিলক্ষিত হৈছে। মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বেৰেকত এজন গৃহৰক্ষীৰ এই আত্মহত্যাৰ ঘটনাই সমস্ত ৰাইজৰ মাজত এক আলোড়নৰ লগতে বিভিন্ন প্ৰশ্নৰো অৱতাৰণা কৰিছে। জােৱানজনৰ মৃতদেহ মৰণােত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষী জোৱান জনে কিয় এনেকুৱা ভয়ানক সিদ্ধান্ত ললে সেই আৰৰ ৰহস্য ওলাবলৈ মৰিগাঁও আৰক্ষী তদন্ত্য অৱ্যহত ৰাখিছে।