17.3 C
Munich
Wednesday, August 10, 2022

chief minister Himanta Biswa Sarma|Silchar Flood

Must read

হিমন্ত বিশ্ব শৰ্মা পানীত নামি শিলচৰ জিলাৰ বান পৰিস্থিতিৰ পৰিদৰ্শন কৰি সমস্যাৰ বুজ ল’লে

Todaytak :- chief minister Himanta Biswa Sarma|Silchar Flood: ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পানীত নামি শিলচৰ জিলাৰ বান পৰিস্থিতিৰ পৰিদৰ্শন কৰি জনতাৰ লগত কথাবাৰ্তা কৰি বান পানীৰ পৰিবেশৰ কথা বুজ লয়। কিছু সময় শিলচৰত থাকি নাৱেৰে। তাৰপিছত মুখ্যমন্ত্ৰী জনে হেলিকপ্টাৰেৰে কাছাৰৰ বান সমস্যা পৰ্যবেক্ষণ কৰে। হেলিকপ্টাৰেৰে বান সমস্যা পৰ্যবেক্ষণ কৰাৰ পিছত আজি পানীত নামি শিলচৰ চহৰ (Silchar Town)ত দ্বিতীয়বাৰৰ বাবে বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। বিগত প্ৰায় ১০ দিন ধৰি বানত ককবকাই থকা শিলচৰ বাসীৰ একাঁঠু পানীত নামি বান পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে। শিলচৰ চহৰৰ হানত বুৰ গৈ থকা এলেকাসমূহত পানী ফালি খোজকাঢ়ি পৰিদৰ্শন কৰাৰ লগতে স্থানীয় বিভিন্নজনৰ সৈতে মত বিনিময় কৰে।

মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে, “শিলচৰ নগৰখনৰ বেছিভাগ এলেকা সমুহ দিন অতিবাহিত কৰি আছে প্ৰায় ১০ দিন ধৰি। লগতে মুখ্যমন্ত্ৰী জনে চৰকাৰৰ প্ৰসাংশা কৰি কয় যে আমাৰ চৰকাৰ জনতাৰ কাষত সদায়েই আছে আৰু বানৰ ফলত দেখা দিয়া জনতাৰ দুখ-কষ্ট লাঘৱ কৰাৰ বাবে অহৰহ প্ৰশাসনে প্ৰচেষ্টা কৰি আছে বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

https://www.facebook.com/nekib.ali.7524 Instergram link- https://todaytak.com/# Website link- https://todaytak.com/

https://youtube.com/shorts/V3dvxIlSqrw?feature=share

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article