-1.9 C
Munich
Sunday, November 27, 2022

এচ আই আৰক্ষী জোনমণি ৰাভাৰ বিৰুদ্ধে কিয় তদন্ত কৰিব নগাঁৱ আৰক্ষী অধীক্ষক গৰাকী

Must read

জোনমণি এচ আই আৰক্ষী

শাসক দলৰ বিজেপি বিধায়কৰ লগত আই এচ জোনমণি ৰিকডিং ভাইৰেল পিছত চচিয়েল মিডিয়াত জোনমণি সাহসী আৰক্ষী বুলি প্ৰসংখাৰে উপচায় দিয়া দেখা গৈছিল।

Todaytak news :- যোৱা কিছুদিনৰ আগত এচ আই মহিলা আৰক্ষী জোনমণি শাসক দলৰ বিধায়ক এগৰাকীৰ লগত বিতৰ্কত লিপ্ত হোৱা দেখা গৈছিল। উক্ত বিধায়ক জনে ফোন যোগে মহিলা আৰক্ষী আই এচ জনীক কিছু ধমকি দিয়াৰ দৰে খংত বিধায়ক জনে কথা কৈছিল মহিলা আৰক্ষী জনীক। আই এচ মহিলা আৰক্ষী জোনমণিয়ে বিধায়ক জনৰ কথা বাৰ্তা ৰেকডিংটো চচিয়েল মিডিয়াত ভাইৰেল কৰি দিছিল। উক্ত ঘটনাটোৰ ৰেকডিং চচিয়েল মিডিয়াৰ মাধ্যমত ভাইৰেল হোৱাৰ পিছত একাংশ লোকে এচ আই জোনমণিক সাহসী মহিলা আৰক্ষী বুলি সকলোৱে প্ৰসঙ্গৰে উপচাই পেলাইছিল চচিয়েল মিডিয়াত। উল্লেখ্য যে, আজি কিছু দিন আগত এচ আই জোনমণিয়ে হব লগীয়া স্বামীৰ বিষয়ে সংবাদ মাধ্যমৰ আগত লাখ লাখ টকা ঠিকা আৱন্ত্ৰণ দিয়াৰ নামত ভূঞা ওৱাৰ্ক অৰ্ডাৰ ওলাই দি বিভিন্ন লোকৰ পৰা বহু লাখ লাখ ধন সংগ্ৰহ কৰা বুলি হ’ব লগীয়া স্বামীৰ দুৰ্নীতি বিষয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। সমগ্ৰ ঘটনাটোৰ ভিত্তিত জনমণিয়ে স্বামীক হাতত হাত কাৰী পিন্ধাই জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। উক্ত ঘটনাটো সংবাদ মাধ্যমত প্ৰচাৰৰ হোৱাৰ পিছত যিসকলে লোকে লাখ লাখ ধন দি ভূঞা অৰ্ডাৰ লৈ নিৰ্মাণৰ কাম কৰি আছিল সকলোবোৰ লোকে আৰক্ষী আই এচ বিষয়াজনে কৰ্মৰত কাৰ্যালয়ত উপস্থিত হয়। কিন্তু এচ আই গৰাকী ভুক্তভোগী লোক সকলক দেখা নিদিলে। এচ আই আৰক্ষী গৰাকীক লগ নোপোৱাৰ পিছত ভুক্তভোগী সকলে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। আশ্চৰ্য কথা এয়ে যে যিসকল লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল সকলোবোৰ ব্যক্তিয়ে এচ আই আৰক্ষী জনে তেওঁৰ স্বামী বুলি পৰিচয় কৰি দিছিল লগতে ঠিকা আৱন্ত্ৰণ দিয়ে বুলি কৈছিল এচ আই জোনমণিৰ কথাৰ ওপৰত ভিত্তি কৰি আমি তেওৰ উপস্থিতিত স্বামীক ধন দিছিলো। আৰক্ষী মহিলা জনীৰ বিৰুদ্ধেও প্ৰৱঞ্চনা কৰি ধন আত্মসাত্‍ কৰাৰ অভিযোগ উত্থাপিত কৰে একাংশ ভুক্তভোগী সকলে। উক্ত ঘটনাটোতক লৈ এতিয়া ৰাজ্যজুৰি তোলপাৰ লাগি আছে। আজিৰ পৰা উক্ত ঘটনাটোৰ সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই মন্তব্য দাঙি ধৰে সংবাদ মাধ্যমৰ আগত। আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে এচ আই জোনমণিৰ বিৰুদ্ধে ‘প্ৰমাণ পালে ব্যৱস্থা লোৱা হ’ব। আৰক্ষী অধীক্ষক জনে কয় যে এচ আই জোনমণি ৰাভাক আমাৰ ফালৰ পৰা সোধ পোচ কৰা হৈছিল কিন্তু ৰাভাই এই বিলাক বিষয়ত জড়িত নহয় বুলি কয়। যদি কোনোবাই উক্ত ঘটনাটোত জোনমণি জড়িত থকা বুলি প্ৰমাণ দিব পাৰে তেতিয়া আৰক্ষী এচ আই বিষয়াজনীৰ বিৰুদ্ধে আৰক্ষী বিষয়াৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিম। তেওঁ আৰক্ষী বুলি আমি কোনো কাৰণতে এৰি নিদু। আমাক তথ্য দিয়ক তাৰ পিছত আৰক্ষী বিষয়াজনীৰ বিৰুদ্ধে তদন্ত আৰম্ভ হ’ব তদন্তত আৰক্ষী এচ আই বিষয়াজনী দোষী বুলি প্ৰমাণ হলে এচ আই জোনমণি ৰাভা নামৰ বিষয়াজনীৰ বিৰুদ্ধে আৰক্ষী তৰফৰ পৰা কঠোৰতম ভাবে শাস্তি প্ৰদান কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে নগাঁও আৰক্ষী অধীক্ষক গৰাকী।

নগাঁৱ আৰক্ষী অধীক্ষক স্পষ্ট কথা প্ৰমাণ পালে জোনমণিক কঠোৰভাৱে শাস্তি দিয়া হ’ব আৰক্ষী বুলি শাৰি যাব নোৱাৰে।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article