-1.9 C
Munich
Sunday, November 27, 2022

আনন্দ মিশ্ৰৰ বাবে একাংশ লোকে চৰকাৰৰ গৃহ বিভাগলৈ কি আহ্বান জনাইছে চচিয়েল মাধ্যমেৰে।

Must read

আনন্দ মিশ্ৰ

আই পি এছ আনন্দ মিশ্ৰক অসম চৰকাৰ গৃহ বিভাগৰ তৰফৰ পৰা অগ্নিনিৰ্বাপক উপসঞ্চালকৰ দায়িত্ব অৰ্পণ কৰিলে।

।। আনন্দ মিশ্ৰ ।।

আই পি এছ আনন্দ মিশ্ৰৰ নাম শুনিলে ভয়ত কম্পমান হোৱা দেখা যায় ড্ৰাগছ ব্যৱসায়ীৰ লগতে ড্ৰাগছ সেৱন কৰা আৰু অন্যান্য অপৰাধৰ লগত জড়িত ব্যক্তি সকলৰ। অসম চৰকাৰৰ তৰফৰ পৰা ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক কৰ্মৰত কৰি থকা অৱস্থাত অসম চৰকাৰৰ গৃহ বিভাগৰ পৰা নগাঁৱ জিলাত আৰক্ষী অধীক্ষক হিচাপে স্থানান্তৰ কৰা হৈছিল আই পি এছ আনন্দ মিশ্ৰাক। নগাঁও জিলাত আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব কৰি কিছুদিনৰ পিছতে মিশ্ৰাই নগাঁও জিলাৰ বিভিন্ন অঞ্চল সমূহৰ কত কেনেকোৱা অপৰাধ চলি আছে আই পি এছ বিষয়া গৰাকী নগাঁও জিলাৰ প্ৰান্তে প্ৰান্তে গৈ নিজে তদন্ত কৰি বিভিন্ন ধৰণৰ লগত জড়িত হৈ থকা অপাৰাধী সকলক চিনাক্ত কৰি লয়। পিছত মিশ্ৰাই বহু অপৰাধীক দমন কৰিবলৈ সক্ষম হৈছিল। বিশেষকৈ ড্ৰাগছ ব্যৱসায়ী আৰু ধৰ্ষণকাৰী বিৰুদ্ধে সৰভ হোৱা দেখা গৈছিল। এটাৰ পিছত আন এটা ড্ৰাগছ ব্যৱসায়ীক কঠোৰভাৱে দমন কৰিবলৈ সক্ষম হৈছিল আই পি এচ আনন্দ মিশ্ৰ। উল্লেখ্য যে নগাঁওৰ কীৰ্তিকমল বৰাৰ এনকাউন্টাৰৰ ঘটনাত বিতৰ্কত সোমাই পৰিছিল আনন্দ মিশ্ৰ। তাৰ পিছতে তেওঁক অসম চৰকাৰৰ গৃহ বিভাগৰ তৰফৰ পৰা নগাঁওৰ পৰা স্থানান্তৰ কৰি গুৱাহাটীলৈ অনা হৈছিল আনন্দ মিশ্ৰক। নগাঁৱ জিলাৰ আৰক্ষী অধীক্ষকৰ পৰা অসম চৰকাৰৰ গৃহ বিভাগৰ তৰফৰ পৰা আই পি এছ আনন্দ মিশ্ৰক ক্ৰিয়া বিভাগৰ AIGP পদত অধিষ্ঠিত কৰা হৈছিল। উল্লেখ্য যে অসম চৰকাৰৰ গৃহ বিভাগৰ পৰা আনন্দ মিশ্ৰক যোৱাকালি এটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব অৰ্পণ কৰে। আই পি এছ বিষয়া গৰাকীক ৰাজ্যিক অগ্নিনিৰ্বাপক বিভাগৰ উপসঞ্চালকৰ দায়িত্ব অৰ্পণ কৰে। নগাঁও জিলাত আনন্দ মিশ্ৰই বিশেষকৈ ড্ৰাগছ ব্যৱসায়ী সকলক যি ধৰণে দমন কৰিবলৈ সক্ষম হৈছিল আনন্দ মিশ্ৰাৰ ড্ৰাগছ ব্যৱসায়ী সকলক দমন কৰি যুৱক সকলক ড্ৰাগছ সেৱন কৰাৰ পৰা ৰক্ষা কৰিবলৈ যি ধৰণে আই পি এছ বিষয়াই পৰিশ্ৰম কৰিছিল। তেনেকুৱা পদক্ষেপ আনন্দ মিশ্ৰই লোৱাৰ বাবে বহু লোকৰ হৃদয়ত স্থান পাইছিল আই পি এছ বিষয়া গৰাকী। কিছুদিন পূৰ্বে বটদ্ৰব্য থানা জ্বলাই দিয়া ঘটনাই সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ সংবাদ মাধ্যম সমূহত প্ৰচাৰৰ হোৱাৰ লগে লগে উক্ত ঘটনাটোৰ সংঘটিত হোৱাৰ একেমুখে গৰীহণা দিছে থানা জ্বলোৱা কাণ্ডটোক লগতে উক্ত থানাৰ পৰা ১০ হাজাৰ আৰু হাহ বিচৰা আৰক্ষীটোক সমালোচনা কৰা দেখা পৰিলক্ষিত হৈছে। বটদ্ৰব্য থানাৰ সংঘটিত ঘটনাটোৰ পিছত অসম চৰকাৰক চচিয়েল মিডিয়াৰ যোগেৰে আই পি এচ আনন্দ মিশ্ৰক নগাঁও জিলাত পুনৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্বভাৰ দিবলৈ আহ্বান কৰা দেখা গৈছে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article