21.2 C
Munich
Wednesday, August 17, 2022

ভাৰতৰ উদ্যোগপতি তথা দানশীলৰূপে পৰিচিত আজিম প্ৰেমজী জন্মদিন।

Must read

ভাৰতৰ এক অন্যতম উদ্যোগপতি তথা দানশীলতা বুলি বিখ্যাত আজিম প্ৰেমজী জন্মদিন

।। আজিম প্ৰেমজী।।

TODAYTAK:- ভাৰতৰ এক অন্যতম উদ্যোগপতি তথা দানশীলতা বুলি বিখ্যাত আজিম প্ৰেমজী জন্মদিন। উদ্যোগপতি জনৰ জীৱনৰ কিছু অংশ এই প্ৰতিবেদন উল্লেখ কৰিলো। ইং ১৯৬৬ চনৰ ১১ আগষ্টত আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত পঢ়ি থকা এজন ছাত্ৰ আজিম প্ৰেমজী। তাৰ আগৰ মাহত নিজৰ জন্ম দিন ২১ সংখ্যক জন্মদিন উদযাপন কৰিছিল। আৰু পিছৰ ছমাহত তেওঁ স্নাতক ডিগ্ৰীধাৰী হ’বলৈ গৈ আছিল। কিন্তু সেই দিনটোত ভাৰতৰ পৰা অৰ্থাৎ আজিম প্ৰেমজীৰ পৰিয়ালৰ পৰা এটা ফোন কল গৈছিল ছাত্ৰ জীৱনত আমেৰিকাত পঢ়ি থকাৰ সময়ত। সেই ফোন কলটো উদ্যোগপতি আজিম প্ৰেমজীৰ পঢ়ি থকা জীৱনৰ সকলো সলনি কৰিব লগা হৈছিল। অৰ্থাৎ আজিম প্ৰেমজীৰ মাতৃ ফোন যোগে পুত্ৰ আজিম প্ৰেমজীক কৈছিল আপোনাৰ দেউতা আৰু এই পৃথিৱীত নাই। মাতৃয়ে দিয়া পিতৃৰ খবৰ আজিমৰ বুকুত খন্দা মাৰিছিল। লগে লগে উদ্যোগপতি আজিম প্ৰেমজী ততাতৈয়াকৈ আমেৰিকাৰ পৰা ভাৰতলৈ উভতি আহিল। তেওঁ ভাৰত আহি দেউতাকৰ ডুব যোৱা ব্যৱসায়ৰ দায়িত্ব চম্ভালিব লগা হৈছিল। সেইসময়ত আজিম প্ৰেমজীৰ বয়স মাত্ৰ ২১ বছৰীয়া এজন যুৱক। ভাৰতলৈ উভতি লোকচানত দেউতাকৰ কোম্পানীৰ দায়িত্ব ল’লে৷ দায়িত্ব লৈ আজিমে বিভিন্ন ধৰণৰ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিলে তাৰে কিছুমান সফল হ’ল, কিছুমান বিফল হ’ল৷ কিন্তু ২১ বছৰীয়া যুৱক জনৰ এটা আধুনিক ব্যৱসায়ে তেওঁক জীৱনৰ সফলতা দিশে আগবাঢ়ি লৈ গ’ল। ভাৰতৰ শীৰ্ষ উদ্যোপতি হিচাপে জিলিকাই তুলিলে। ডিগ্ৰী সম্পূৰ্ণ নকৰাকৈ ভাৰতলৈ উভতি অহা সেই ল’ৰাজনেই হৈছে উইপ্ৰোপৰ অধ্যক্ষ আজিম প্ৰেমজী৷ আজি বিশ্বত ব্যৱসায়ৰ উপৰিও দানশীলতাৰ বাবে বিখ্যাত প্ৰেমজীৰ নাম৷ আই টি ব্যৱসায়ৰ সম্ৰাট হিচাপে পৰিচিত আজিম প্ৰেমজী৷ ১৯৪৫ চনৰ ২৪ জুলাই জন্মগ্ৰহণ কৰিছিল উদ্যোগপতিগৰাকীয়ে উদযাপন কৰিছে ৭৭ সংখ্যক জন্মদিন।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article