অসমৰ দিব্যাংগ চিত্ৰ শিল্পী অভিজিতে নিজ হাতেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিত্ৰ অংকন কৰি নিজ হাতেৰে উপহাৰ দিলে নতুন দিল্লীত।
Todaytak:- অসমৰ এজন দিবাংগ শিল্পী তথা অভিজিৎ নিজ হাতেৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চিত্ৰ অংকন কৰি প্ৰধানমন্ত্ৰী নিজ হাতেৰে উপহাৰ দিলে। জানিব পৰা মতে এই বিশেষ চিত্ৰ অংকন কৰা দিবাংক চিত্ৰ শিল্পী অভিজিৎ ৰ ঘৰৰ শিলচৰত। যোৱাকালি অভিজিতে ভাৰতৰ ৰাজধানী নতুন দিল্লীত গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি নিজ হাতেৰে চিত্ৰ অংকন কৰা বিশেষ ফটো উপহাৰ দিলে। শিলচৰৰ যুৱকজনৰ উপহাৰ প্ৰধানমন্ত্ৰী পায় সন্তোষ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অভিজিতক ধন্যবাদ জ্ঞাপন কৰে লগতে ভৱিষ্যতে এনেদৰে চিত্ৰ অংকন কৰি আগবাঢ়ি যাবলৈ আশীৰ্বাদ প্ৰদান কৰে। উল্লেখ্য যে ৰাজধানী দিল্লীত অভিজিতে মাতৃৰ সৈতে গৈ দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নিজে পেইণ্টিং কৰা প্ৰধানমন্ত্ৰী চিত্ৰ খন মোদীক উপহাৰ দিয়ে। প্ৰধানমন্ত্ৰী মোডীৰ ভিন্ন সময়ৰ ভিন্ন মুহূৰ্তক তুলিকাত তুলি ধৰা অভিজিতৰ এই পেইণ্টিংখন গ্ৰহণ কৰি কেইবাবাৰো প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। প্ৰধানমন্ত্ৰীক নিজ হাতে অংকন কৰা আলোকচিত্ৰ প্ৰদান কৰি অভিভূত শিলচৰৰ অভিজিত গাটানি। অভিজিতক লৈ যোৱাৰ বাবে এদিন পূৰ্বে দিল্লীলৈ গ’ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিজিত আৰ্শীবাদ কৰে লগতে প্ৰশাংশ কৰে।