14.3 C
Munich
Thursday, August 11, 2022

গুৱাহাটী মহানগৰীত ডাম্পাৰৰ খুন্দাত নিহত বিজেপিৰ যুৱ নেতা

Must read

নিশা গুৱাহাটী মহানগৰীত ডাম্পাৰৰ খুন্দাত বিজেপিৰ যুৱ নেতা ধুনুমণি বৰ্মনৰ নিহত।

মৃত ধুনুমণি বৰ্মন

Todaytak live:- কামৰূপ মেট্ৰি মহানগৰীৰ সাতগাৱঁত নিশাৰ ভাগত এক ডাম্পাৰৰ লগত ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হয়। ডাম্পাৰৰ খুন্দাত নিহত হ’ব লগা হল ভাৰতীয় জনতা পাৰ্টীৰ বিজেপি কৰ্মীৰ। নিহত হোৱা যুৱক জনৰ নাম ধুনুমনী বৰ্মন বুলি চিনাক্ত কৰা হৈছে আৰক্ষী তৰফৰ পৰা। মৃত্যু হোৱা যুৱকজন বিজেপি যুৱ মৰ্চাৰ দিচপুৰ গোটৰ কোষাধ্যক্ষ আছিল আৰক্ষীৰ তৰফৰ পৰা জানিবলৈ দিয়ে। আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে মৃত বিজেপিৰ নেতা যুৱ নেতাজনে যোৱা নিশা গুৱাহাটীৰ নাৰেংগীৰ পাথাৰকুয়াৰীত যুৱ শাখাৰ এখন সভাত অংশ গ্ৰহণ কৰে গোটৰ বাবে। বিজেপি যুৱ নেতা জনে তেওঁৰ ৰয়েল এনফিল্ড বুলেটত (এএছ 01 ইএম 1887) বহু ৰাতিলৈ নাৰেংগীৰ সভাৰ পৰা সাতগাওৰ নিজৰ বাসগৃহ লৈ উভতি আহি থকাৰ সময়ত নিশা প্ৰায় ১২ বজাত ছেইণ্ট ফ্ৰান্সিছ ডি চেলছ (এছএফএছ) বিদ্যালয়ৰ ওচৰত ডাম্পাৰৰ লগত এক ভয়ংকৰ দূৰ্ঘটনাত সংঘটিত হয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত বিজেপিৰ যুৱ নেতা জনৰ দুজন বন্ধু তেওঁৰ ঠিক পিছফালে আছিল। মৃত নেতা জনৰ দুয়োজন বন্ধুয়ে তাৎক্ষণিক ভাবে আৰক্ষীৰ বাহনত মথঘৰীয়া গেট চিকিৎসালয়লৈ লৈ যায়। বন্ধু দুয়োজনেই কয় যে জানিবলৈ দিয়ে যে চিকিৎসালয়লৈ নি থকাৰ সময়তে তেওঁ মৃত্যু হয়। ইফালে, দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰৰ চালকজনে দুৰ্ঘটনা হোৱাৰ পৰা পলায়ন হৈ আছে। আৰক্ষীয়ে ও চালক জনক ধৰিবলৈ সক্ষম হোৱা নাই।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article