1 C
Munich
Monday, December 5, 2022

জুবিন গাৰ্গকলৈ বিতৰ্ক নকৰিব।

Must read

৮০ বছৰীয়া আতা জনে জুবিনক চাবলৈ দিনৰ ৩ পৰা নিশা ১২ বজালৈ আছিল জুবিনে গম পাই মঞ্চত মাতি আনি গামোচা পিন্ধাই দিলে
জুবিনে সাংস্কৃতিক বিহু মঞ্চৰ পৰা গীত পৰিৱেশন সমাপ্ত কৰি নিজৰ গাড়ীত কণমানি ছোৱালীজনীক বহাই অভিভাৱক গতাই দিয়ে কণমানি জনীৰ ঘৰত গৈ।

জুবিন গাৰ্গে অসমৰ সাংস্কৃতিক জগতৰ বাবে কি কি কৰিছে কোৱাৰ প্ৰয়োজন নাই জুবিন অসমবাসীৰ হৃদয়ত আছে

Todaytak :- অসমত ব’হাগ মাহত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাংস্কৃতিক বিহু মঞ্চত অসমৰ বিভিন্ন শিল্পী নিশা জিপাল কৰি থাকে। অসমৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গে ৰাজ্যৰ ইটো শদিয়াৰ পৰা ধুবুৰীলৈ বিহু মঞ্চত শ শ দৰ্শকক নিজৰ কন্ঠৰে নাচিবলৈ বাধ্য কৰাই। আনকি একাংশ জুবিনৰ বিহু অনুস্থানত বৰুষণ দিয়াৰ পিছত বহু লোক টিটি নাচি থকা দেখা গৈছে। বেলতলা চাৰিআলিত বিহু মঞ্চত শ শ দৰ্শকৰ মাজত গীত পৰিৱেশন কৰি থকাৰ সময়ত এজনী কণমানি ছোৱালী মঞ্চত ওপৰলৈ অহাৰ পিছত জুবলি কণমানি ছোৱালী জনক মঞ্চত লৈ ছোৱালী জনিৰ অভিভাৱক মঞ্চৰ পৰা লৈ যাবলৈ ঘোষণা কৰে। জুবিনৰ বেলতলা মঞ্চত গীত পৰিৱেশন সমাপ্ত হোৱাৰ পিছতো কণমানি জনিক নিবলৈ অভিভাৱক নহাত জুবিন গাৰ্গে গাড়ীত কণমানি ছোৱালী জনিক নিজৰ গাড়ীত বহাই লয়। কণমানি ছোৱালীজনীক নিজৰ ঘৰৰ ঠিকনা সুধি কণমানি জনীৰ ঘৰলৈ গৈ অভিভাৱকক নিশাই গটাই দিয়ে। জুবিন গাৰ্গে যদিও সাধাৰণ ভাবে থাকে জুবিন গাৰ্গ ভাৰতৰ গৌৰৱ জুবিন গাৰ্গ অসমৰ সম্পদ। আজি পৰা তিনিদিন মান আগত জুবিনে শিৱসাগৰ বিহু অনুষ্ঠানত গান গাই থকা অৱস্থাত হঠাৎ দাক্ষিণাত্যৰ চলচ্চিত্ৰৰ ওপৰত মন্তব্য দাঙি ধৰা দেখা গৈছিল। উক্ত মন্তব্যটোৰ পৰা একাংশ লোকে জুবিনক লৈ ইতিকিং মন্তব্য দিয়া চচিয়েল মিডিয়াত দেখা গৈছিল। সেইকসল ব্যক্তি জানি তেনেকুৱা মন্তব্য দিয়ে নে এনে বকি থাকে নাজানো। জুবিন গাৰ্গ বলিউডৰ এটা প্ৰতিষ্ঠিত শিল্পী জুবিন গাৰ্গে অসমৰ ভুমিক বহু বেছি মৰম কৰে বাবে অসমৰ পৰা অন্য ৰাজ্যত গৈ গান গাই নাথাকে। জুবিনে অসমৰ সাংস্কৃতিক ভাৰতৰ অন্য অন্য ৰাজ্যত বিলাই দিছে। ভাৰতে নহয় বহু দেশত অসমীয়া সাংস্কৃতিক চিনাকি কৰাই দিছে। জুবিনে ইচ্চা কৰিলে মোম্বাইত থাকি বলিউডৰ বহু গীতত কন্ঠদান কৰি বলিউডত জগত থাকিব পাৰিল হয়। বিহুৰ সময়ত অসমত আহি গান ধন উপাৰ্জন কৰি থাকিব পাৰিল হয়। কিন্তু জুবিনে অসম ভুমিক এৰি অন্য ঠাইত থাকিব নোৱাৰে কাৰণ অসমক জুবিনে কিমান ভাল পাই সকলো মানুহে জানে। জুবিনে অসমীয়া চলচ্চিত্ৰ খন উন্নয়ন কৰিবলৈ চেষ্টা নিশা গান গাই গাই কষ্ট কৰি উপৰ্যান কৰি সকলো ধন লগাই অসমীয়া চিনেমা জগতৰ সাংস্কৃতিক ৰূপটো এটা বেলেগ ৰূপত প্ৰতিষ্ঠিত কৰিবলৈ দিনে নিশাই কাম কৰা দেখা গৈছে। অসমৰ সাংস্কৃতিক জগতৰ জড়িত থকা একাংশ যুৱক যুৱটিক অসমীয়া চলচ্চিত্ৰৰ প্ৰতি আকাৰ্ষণ কৰিবলৈ নিজৰ ধন লগাই উন্নতমানৰ অসমীয়া চলচ্চিত্ৰ বনাইছে। অসমত বান পানী হলে জুবিনে বানপানীত নিজে ৰাস্তাই ৰাস্তাই খোচ কাঢ়ি কষ্ট কৰি পইছা সুধি বানপানীত ডুবি থকা লোকৰ বাবে সাহায্য আনি সহায় কৰে। অসমীয়া জাতিটো বিপদত পৰিলে জুবিনে চাই থাকিব নোৱাৰে তাৰবাবে জুবিনে অসমীয়া জাতিটোৰ ক্ষতি হোৱা যিকোনো সমস্যাত সন্মুখৰ পৰা নেতৃত্বত দি আহি আছে। জুবিন গাৰ্গক লৈ চচিয়েল মিডিয়াত যিকোনো ধৰণৰ মন্তব্য নিদিব। কাৰণ জুবিন গাৰ্গে অন্য চলচ্চিত্ৰ চাব মানা কৰা নাই অন্য চিনেমাৰ প্ৰতি যিধৰণে আকাৰ্ষণ তেনেকৈ অসমীয়া চলচ্চিত্ৰৰ প্ৰতি আকৰ্ষিত হৈ হলত চিনেমা চাব আহক তেতিয়া অসমীয়া চলচ্চিত্ৰ জগত পইছা ফাইনেচ কৰিবলৈ বহু লোক ওলাই আহিব। তেতিয়া অসমৰ উন্নতি আহিব অসমীয়া শিক্ষিত বহু যুৱকে সুবিধা পাব চিনেমাত অভিনয় কৰিব।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article