
ঈদ-উল-ফিটৰ বাবে ইছলাম ধৰ্ম লোকক শুভেচ্ছা বাৰ্তা যাচিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী
মৃগেন শৰণীয়াক পুনৰ গুৱাহাটী পৌৰসভাৰ মেয়ৰৰ দায়িত্ব অৰ্পণ বিজেপি চৰকাৰৰ তৰফৰ পৰা।

Todaytak news : আজি ইছলাম ধৰ্ম লোক সকলে ঈদ-উল-ফিটৰ শান্তি সমৃদ্ধিবোধৰে ভাৰতবৰ্ষৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত ঈদ পালন কৰা দেখা গ’ল। ঈদ-উল-ফিটৰ দিনা ৰাতিপুৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইছলাম ধৰ্মী লোকৰ বাবে চচিয়েল মাধ্যমেৰে এক ভিডিঅ’ বাৰ্তা পঠাই সমগ্ৰ ইছলাম ধৰ্মক ঈদ-উল-ফিটৰ শুভেচ্ছা জনাই। ৰাজ্যৰ বিভিন্ন সমষ্টিত মন্ত্ৰী তথা বিধায়ক সকলে ইছলাম ধৰ্মৰ লোক সকলৰ লগত একেলগে নামাজৰ সময়ত অংশ গ্ৰহণ কৰা দেখা গ’ল।

গুৱাহাটী পৌৰসভা মেয়ৰ ২য়বাৰলৈ মৃগেন শৰণীয়া।
যোৱা মাহত পৌৰসভা নিৰ্বাচনৰ ফলাফলত বিজেপি দখল কৰিবলৈ সক্ষম হয়। বিজেপি দখল কৰাৰ পিছত আজি আনুষ্ঠানিক ভাবে ঘোষণা হ’ল পৌৰ নিগমৰ মেয়ৰৰ নাম। পূৰ্বতে পৌৰসভা মেয়ৰৰ দায়িত্ব থকা মৃগেন শৰণীয়াক দ্বিতীয়বাৰৰ বাবে অৰ্পণ কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা। হেঙেৰাবাৰী বিজেপি মুখ্য কাৰ্য্যলয়ত আনুষ্ঠানিক ভাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা লগতে মন্ত্ৰী পিয়ুজ হাজৰিকা বিধায়ক জয়ন্ত মল্ল বৰুৱা লগতে ভাৰতীয় জনতা পাৰ্টিৰ একাংশ কাৰ্যকৰ্তা সকলৰ উপস্থিতিত ভবেশ কলিতাই আনুষ্ঠানিক ভাৱে পৌৰসভা মেয়ৰৰ নাম ঘোষণা কৰে মৃগেন শৰণীয়া। বিজেপি মুখ্য কাৰ্যালয়ত মৃগেন শৰণীয়াক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা দিয়ে লগতে গামোচা পিন্ধাই। মৃগেন শৰণীয়াই মুখ্যমন্ত্ৰীৰ ভৰি চুই সেৱা লয়। লগতে শৰণীয়াই ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ ভৰিত ধৰি সেৱা লোৱা দেখা যায়। ৰাজ্যিক সভাপতি ভবেশ কলিতাই গুৱাহাটী পৌৰসভাৰ মেয়ৰৰ দ্বিতীয়বাৰৰ বাবে মৃগেন শৰণীয়াৰ নাম আনুষ্ঠানিক ভাবে ঘোষণা কৰাৰ পিছতে শৰণীয়াই উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ভবেশ কলিতাক ধন্যবাদ জ্ঞাপন কৰে মেয়ৰৰ দায়িত্ব পোৱা মৃগেন শৰণীয়াই। লগতে মোৰ পৰম শ্ৰদ্ধাৰ গুৱাহাটীবাসী ৰাইজলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছো। হেঙেৰাবাৰী মুখ্য কাৰ্য্যালয়ৰ পৰা মৃগেন শৰণীয়াই গুৱাহাটী বাসীৰ ৰাইজক লৈ প্ৰতিশ্ৰুতি দিয়ে। আগন্তুক সময়ত গুৱাহাটীখনক জাকত-জিলিকা কৰি তুলিবলৈ আপোনালোকৰ সহায়-সহযোগীতা আৰু বহুমূলীয়া পৰামৰ্শ লাভ কৰি গুৱাহাটীবাসী ৰাইজৰ সেৱা কৰিবলৈ সক্ষম হ’ব বুলি কয় তেওঁ উক্ত সভাত কয়।