কোভিড মহামাৰীৰ পৰাৰ পৰিত্ৰাণ পাবলৈ ১বছৰ নোহোৱাতে পুণৰ কোভিড আক্ৰান্ত লোকৰ হাৰ দ্ৰুত গতিত বৃদ্ধি হোৱা দেখা গৈছে দেশৰ বহু কেইখন ৰাজ্যত।

Todaytak news:- কোভিডে মহামাৰীৰ পৰা কিছুদিন পৰিত্ৰাণ পোৱাৰ লগে লগে সাধাৰণ ৰাইজে স্বাভাৱিক জীৱন-যাপন কৰা পৰিলক্ষিত হৈছিল যদিও। কিন্তু ভাৰতৰ বিভিন্ন ৰাজ্যত কোভিড আক্ৰান্ত হাৰ ২৪ ঘন্টাত দ্ৰুত গতিত হোৱাৰ লগে লগে চৰকাৰ তৰফৰ এয়া কোভিডৰ চতুৰ্থ ঢৌ বুলি বিবেচনা কৰা হৈছে। সেয়েহে ভাৰতৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা দেশৰ ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী সকলৰ লগত যোৱাকালি সন্ধিয়া জৰুৰী বৈঠক আমন্ত্ৰণ কৰে। বৈঠকত বহু কেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ লগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভিডিঅ’ কনফেডাৰেচনৰ যোগেৰে কোভিড মহামাৰীৰ পৰিস্থিতিৰ বোজ লয়। বিগত ২৪ ঘন্টাত দেশখনত ২,৯২৭ গৰাকীক নতুন কৰি কোভিড মহামাৰীত আক্ৰমণ হোৱা বুলি কেন্দ্ৰীয় স্বাৰ্থ মন্ত্ৰালয়ৰ তৰফৰ পৰা সদৰি কৰিছে। দেশৰ বহু কেইখন ৰাজ্যত কোভিড আক্ৰান্ত হাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। দেশৰ ৰাজধানী দিল্লীত ব্যাপকভাবে কোভিড আক্ৰান্ত হোৱা দেখা গৈছে এই কথা দিল্লী স্বাস্থ্য স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়ে। শেহতীয়াকৈ চিন দেশত ব্যাপকভাবে কৰোণা মহামাৰী ৰোগত আক্ৰান্ত হাৰ বহু দেখা গৈছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী বৈঠকৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভিডিঅ’ কনফেডাৰেচন প্ৰধান মন্ত্ৰী লগত হোৱা বাৰ্তালাপ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। লগতে মুখ্যমন্ত্ৰী কয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আন বহু কেইখন দেশৰ লগত তুলনাত ভাৰতে কোৰোণা মহামাৰীক ৰোধৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। যদিও কোৰোণা প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ অধিক সৰ্তক অৱলম্বন গুৰুত্ব আৰোপ কৰে ৰাজ্য সমূহক। তেওঁ শিশু সকলক অগ্ৰাধিকাৰ ভিত্তিত প্ৰতিষেধক প্ৰদান কৰাতো বিশেষ গুৰুত্ব আৰোপ কৰিছে। ভাৰতৰ ৫ ৰ পৰা ১২ বছৰ বয়সৰ শিশু-কিশোৰ সকলক পৰ্যায়ক্ৰমে কোভিড প্ৰতিক্ষেধক প্ৰদান কৰিবলৈ আহ্বান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলক।