-1.4 C
Munich
Friday, December 9, 2022

বাইহাটা চাৰিআলিৰ সঞ্জীৱ শৰ্মা যুৱক জনৰ বাবে সমগ্ৰ ৰাজ্যতে চৰ্চা কিয়?

Must read

বাইহাটা চাৰিআলিৰ সঞ্জীৱ শৰ্মাৰ ভিডিঅ’ আলফা (স্বাধীন)ই তৰফৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণৰ পিছত গৃহ বিভাগত চাঞ্চল্য

সঞ্জীৱ শৰ্মা

Todaytak news :- যোৱাকালি বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মুক্তাপুৰ গাৱৰ এজন যুৱকক লৈ সমগ্ৰ ৰাজ্যতে টোলপাল লগাই থকা আৰৰ কাহিনী কি? উক্ত যুৱক জনে চচিয়েল মিডিয়াত ব্যক্ত কৰা ভিডিঅ’ আলফা (স্বাধীন) প্ৰচাৰ বিভাগৰ তৰফৰ পৰা ভিডিঅ’ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে। উক্ত যুৱক জনৰ ভিডিঅ’ প্ৰচাৰ হোৱাৰ লগে লগে গৃহ বিভাগত চাঞ্চল্য সৃষ্টি হৈছে। ৰাজ্য চৰকাৰ তথা আলফা (স্বাধীন)ৰ মাজত আলোচনাত যুদ্ধ বিৰতি ঘোষণাৰে শান্তি আলোচনাৰ প্ৰতি সাদিচ্ছা প্ৰকাশ কৰাৰ সময়তে সশস্ত্ৰ সংগঠনটোৰ শিবিৰত ধৰা পৰিছে আৰক্ষী-সেনাৰ চোৰাংচোৱা কৰি থকা এজন যুৱক। শেহতীয়াকৈ পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বা) ন ন যুৱকৰ যোগদানে গৃহ বিভাগক চিন্তা পেলাইছিল। তেনে সময়তে আলফা (স্বাধীন)ই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ভিডিঅ’ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মুক্তপুৰ গাৱৰ সঞ্জীৱ শৰ্মা নামৰ এজন যুৱকে আলফা শিবিৰ ধ্বংস কৰাৰ পৰিকল্পনাৰে আলফা (স্বাধীন) নিষিদ্ধ ঘোষিত সংগঠনটোত শেহতীয়াকৈ চামিল কৰিছিল। আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে সঞ্জীৱ শৰ্মা নামৰ যুৱকজনে ব্যক্ত কৰা ভিডিঅ’টো সঞ্জীৱ শৰ্মাই স্পষ্টকৈ কয় যে আৰক্ষী আৰু সেনা বিষয়াই আলফাত যোগদান কৰাইছিল বুলি। লগতে যুৱক জনে এজন আৰক্ষী উচ্চ পদবী কৰ্মৰত মহানগৰীৰ আয়ুক্ত পাৰ্থসাৰতি মহন্তৰ নাম লোৱা দেখা গৈছে আৰু ধুনুমণি শইকীয়া নামৰ সেনা বিষয়া এগৰাকীৰ নিৰ্দেশত তেওঁ আলফাত যোগদান কৰা বুলি সদৰি কৰিছে। বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মুক্তপুৰ গাৱৰ যুৱক সঞ্জীৱ শৰ্মাই ভিডিঅ’ যোগে কয় যে- ভাতৃ অপুৰ্ব কুমাৰ শৰ্মাই সেনাবাহিনীত চাকৰি কৰি আছিল। মণিপুৰত এম্বশ্বত নিহিত হোৱা ঘটনাৰ প্ৰতিশোধ লোৱাৰ বাবে আলফাত যোগদান কৰা বুলি ব্যক্ত কৰিছে সঞ্জীৱে। লগতে মুক্তপুৰৰ সঞ্জীৱে কয় যে আলফাৰ শিবিৰ উৰুৱাই দিব পাৰিলে আৰক্ষী তৰফৰ পৰা ১ কোটি টকা দিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ কথাও ভিডিঅ’টোত কয়। সঞ্জীৱে কয় মোৰ দাদা অপূৰ্ব কুমাৰ শৰ্মা পেৰা কমাণ্ডো হিচাপে কৰ্মৰত আছিল। আজিৰে পৰা দুই তিনি মাহ পূৰ্বে তেওঁক মণিপুৰ এম্বশ্বত দাদাক হত্যা কৰা হৈছিল। দাদাৰ হত্যাৰ কথা অসম আৰক্ষীৰ বিষয়া পাৰ্থসাৰথি মহন্তই জনাইছিল। দাদাৰ হত্যাৰ আৰত আলফা (স্বাধীন) থকা বুলি কৈছিল। তাৰ আগত অপুৰ্ব কুমাৰ শৰ্মাই কিছুমান প্ৰশিক্ষণ দিছিল, অকল মোক বুলি নহয় অসমীয়া যুৱক কেইজনমান আছিল। পিষ্টলত গুলি কেনেদৰে সোমাব লাগে, কেনেদৰে গুলিয়াব লাগে, কাৰাটে মাশ্বেল আৰ্ট শিকাইছিল। মহানগৰীৰ আয়ুক্ত আৰক্ষী পদবীত থকা পাৰ্থসাৰতি মহন্তই মোক আলফা (স্বাধীন)ত যোগদান কৰাৰ কথা কৈছিল। মোক আলফা (স্বাধীন)ত যোগ কৰি ডাঙৰ বন্দুকৰ প্ৰশিক্ষণ লৈ কিছুমান মানুহ যিবিলাক মানুহে মোৰ দাদাৰ হত্যাৰ লগত জড়িত সেইবিলাক লোকক হত্যা কৰিব কৈছিল। আৰু ক’ত কি কি কেম্প আছিল চাবলৈ কৈছিল। ধুনুমণি শইকীয়া, তেখেত যোৰহাটৰ হয়। তেখেতে আৰু মোৰ নিচিনা অসমীয়া ১০ জন যুৱকক ২০২৩ চনত পঠাম বুলি মোক কৈছিল। আলফা (স্বাধীন)ত যোগদান কৰাৰ আগত মোক পাচৰ্ৱড দিয়া হৈছিল। পাচৰ্ৱাডটো আছিল ৭৮৬ এইটো মিছন মই ছাকছেজ কৰিব পাৰো, এই বদলা ল’ব পাৰিলে এক কোটি পাৰ্থসাৰথি মহন্তই কথা‌ দিছিল। আলফা (স্বাধীন)ই সংবাদ মাধ্যমৰ প্ৰেৰণ কৰা ভিডিঅ’ত সঞ্জীৱ শৰ্মাৰ নামৰ যুৱক জনে মহানগৰীৰ আৰক্ষীৰ আয়ুক্ত পাৰ্থসাৰদি মহন্তৰ নাম বাৰম্বাৰ উল্লেখ কৰা সন্দৰ্ভত আয়ুক্ত জনে যোৱাকালি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংবাদিকয় কয় যে,

মহানগৰ আয়ুক্ত আৰক্ষী পাৰ্থসাৰদি মহন্ত।

তেওঁ মোৰ নাম কিয় লৈছে মই নাজানো। অসম আৰক্ষী উপযুক্ত ইয়াৰ ওপৰত ব্যৱস্থা ল’ব। পাৰ্থসাৰথি মহন্তই কয় যে- আমাৰ চাকৰিত বহুত মানুহক লগ পাও, বহুত মানুহৰ লগত কাম কৰিব লগা হয়। আৰু প্ৰত্যেক মানুহৰে নাম মনত নাথাকে। মোৰ নাম কিয় লৈছে সঞ্জীৱে মই নাজানো। উপযুক্ত কৰ্তৃপক্ষই সেয়া উলিয়াব। কোনোবাই গৈ ক’ৰবাত কিহৰ বাবে কি কথা কৈছে মই ইয়াত বহি কব নোৱাৰিম। সেইখিনি কথা কোৱাৰ বাবে উপযুক্ত কৰ্তৃপক্ষ আছে। কথাটো যিহেতু মহানগৰৰ নহয়, সমগ্ৰ বিষয়টো অসম আৰক্ষী কথা আছে। গতিকে উপযুক্ত কৰ্তৃপক্ষই ইয়াৰ ওপৰত যি ব্যৱস্থা ল’ব লাগে ব্যৱস্থা ল’ব বুলি মহানগৰীৰ আয়ুক্ত পাৰ্থসাৰদি মহন্তই সংবাদ মাধ্যমৰ আগত কয়।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article